অন্যান্য প্ৰান্তৰ দৰে দৰং-চিৰাঙতো 'মোৰ মাটি, মোৰ দেশ' কাৰ্যসূচীৰ শুভাৰম্ভ

অন্যান্য প্ৰান্তৰ দৰে দৰং-চিৰাঙতো 'মোৰ মাটি, মোৰ দেশ' কাৰ্যসূচীৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, মঙলদৈ-চিৰাংঃ দেশৰ স্বাধীনতা সংগ্ৰামী, স্বতন্ত্ৰতা আন্দোলনৰ ছহিদ, কৰ্তব্যৰত অৱস্থাত দেশৰ বাবে প্ৰাণাহুতি দিয়া সেনা, অৰ্ধসামৰিক বাহিনী বা আৰক্ষীৰ বীৰসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত শুভৰাম্ভ কৰা হৈছে 'মোৰ মাটি, মোৰ দেশ' কাৰ্যসূচী। একেদৰে এই কাৰ্যসূচীৰ অধীনত দৰং জিলা তথা চিৰাঙতো বুধবাৰে স্মৃতিফলকম কাৰ্যসূচীৰ ৰূপায়ন কৰা হয়।

দৰং জিলাত 'মোৰ মাটি, মোৰ দেশ' অভিযানৰ উদ্বোধনী কাৰ্যসূচী হিচাপে মঙলদৈৰ কোঁৱৰপাৰাৰ টঙ্গানী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে স্মৃতিফলক উৎসৰ্গা কৰি দেশৰ বীৰ ছহিদ সকললৈ শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে নিজৰ অনুভৱ ব্যক্ত কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে- দেশৰ স্বাধীনতা সংগ্ৰামী, স্বতন্ত্ৰতা আন্দোলনৰ ছহিদ, দেশৰ বাবে প্ৰাণ দিয়া সেনা অৰ্ধসামৰিক বাহিনী, আৰক্ষী লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাটো আমাৰ পৱিত্ৰ কৰ্তব্য।

মঙলদৈৰ কোঁৱৰপাৰাৰ টঙ্গানী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত আয়োজিত শিলাফলকম কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত নৱদীপ চাংমাই, পশ্চিম মঙলদৈ খণ্ড উন্নয়ন বিষয়া বিপুল কুমাৰ দাস, দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন, উপহুপাৰা গাওঁ পঞ্চায়তৰ সভাপতি নৱজ্যোতি শৰ্মাৰ লগতে বিশিষ্ট নাগৰিক, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল।

স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আৰম্ভ হোৱা এই 'মোৰ মাটি, মোৰ দেশ' অভিযানৰ শিলাফলকমৰ উৎসৰ্গাৰ পিছত অহা ১৫ আগষ্টলৈকে পঞ্চ সংকল্প আৰু ছেলফি, বসুধা বন্দন, বিভাজন বিভীষিকা স্মৃতি দিৱস, ছহিদ বীৰসকলৰ বন্দন, হৰ ঘৰ তিৰংগা অভিযানৰ অংশ স্বৰূপে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন আদি কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ।

আনহাতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে চিৰাঙৰ কাজলগাঁৱতো ছহিদ পৰিয়ালৰ উপস্থিতিত ছহিদৰ স্মৃতিত শিলাফলকম শীৰ্ষক স্মৃতিফলক স্থাপন কৰা হয় । জিলা সদৰৰ কাজলগাঁও হাইস্কুল প্ৰাঙ্গনত জিলা প্ৰশাসনৰ উদ্যোগত আৰু কাজলগাঁও পৌৰসভাৰ সহযোগত দেশ মাতৃৰ হকে প্ৰাণ বিসৰ্জন দিয়া ছহিদ বীৰ জোৱানসকলৰ নামত শিলাফলকম কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

চিৰাং জিলা আয়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডী, আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, আৰক্ষী ছহিদ জোৱান থৰেণ বসুমতাৰীৰ পৰিয়ালৰ হৈ অলকা বসুমতাৰী, ভাৰতীয় সেনাৰ চুবেদাৰ ছহিদ ৰাংগাৰাম ওৱাৰীৰ কন্যা দীপাঞ্জলী ওৱাৰীয়ে শিলাফলকন উন্মোচন কৰে৷ উল্লেখ্য যে ১৯৯৮ চনৰ ১৯ ডিচেম্বৰত কৰ্তব্যৰত অৱস্থাত ছহিদ হোৱা কাজলগাঁও পৌৰসভাৰ চাৰি নম্বৰ ৱাৰ্ডৰ গৌজাংপুৰীৰ বাসিন্দা তথা অসম আৰক্ষীৰ জোৱান থৰেণ বসুমতাৰী আৰু চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীত দেশ মাতৃৰ হকে প্ৰাণ বিসৰ্জন দিয়া ভাৰতীয় সেনা বাহিনীৰ চুৱেদাৰ কাজলগাঁও পৌৰসভাৰ ৪নম্বৰ ৱাৰ্ডৰ হাইনানগৰৰ বাসিন্দা ৰাংগাৰাম ওৱাৰীৰ নামত কাজলগাঁও হাইস্কুলত স্থায়ী স্মৃতি ফলক নিৰ্মাণ কৰা হব বুলি জিলা আয়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।

এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত ৰিংখাং মুছাহাৰী, কাজলগাঁও পৌৰসভাৰ পৌৰপতি উপেন্দ্ৰ মুছাহাৰী, উপ পৌৰপতি লালমোহন ব্ৰহ্ম আদি কৰি অন্যান্য আমন্ত্ৰিত বিশিষ্ট লোকসকল উপস্থিত থাকে।

অন্যান্য প্ৰান্তৰ দৰে দৰং-চিৰাঙতো 'মোৰ মাটি, মোৰ দেশ' কাৰ্যসূচীৰ শুভাৰম্ভ
গোলাঘাটত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীঃ শ্বহীদৰ স্মৃতিত স্মৃতিফলক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in