গোলাঘাটত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীঃ শ্বহীদৰ স্মৃতিত স্মৃতিফলক

গোলাঘাটত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীঃ শ্বহীদৰ স্মৃতিত স্মৃতিফলক

ডিজিটেল সংবাদ, গোলাঘাটঃ ভাৰতবৰ্ষৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ নকৰা দেশৰ শ্বহীদ বীৰ সেনানীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা তথা তেওঁলোকক স্মৰণ কৰাৰ উদ্দেশ্যে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত বুূধবাৰে গোলাঘাট জিলাতো "মোৰ মাটি মোৰ দেশ’ অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ অংশৰূপে গোলাঘাট পৌৰসভাৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত থকা অমৃত সৰোবৰৰ পাৰত "শিলাফলকম" অৰ্থাৎ বীৰ শ্বহীদৰ স্মৃতিত ফলক উন্মোচন তথা উৎসৰ্গা কৰা হয়।

জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰাই এই স্মৃতিফলক উন্মোচন কৰি বীৰসকলৰ স্মৃতিত উৎসৰ্গা কৰে। জিলা আয়ুক্তগৰাকীয়ে পিছত সাংবাদিকৰ আগত কয় যে- এই কাৰ্যসূচী স্বাধীনতাৰ অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ ১০২ টা গাঁও পঞ্চায়ত আৰু প্ৰতিখন পৌৰসভা সামৰি ১৪ আগষ্টলৈকে পৰ্যায়ক্ৰমে স্মৃতিফলক উন্মোচন কৰা হ'ব।

অনুষ্ঠানত পৌৰসভাৰ সভানেত্ৰীগৰাকীয়ে বীৰ শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে- স্বাধীনতাৰ অমৃত মহোৎসৱত এয়া হৈছে বীৰ শ্বহীদসকলৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। উল্লেখ্য অনুষ্ঠানত পৌৰসভাৰ কাৰ্যবাহী বিষয়া অন্বেষা ঠাকুৰ আৰু উপ-পৌৰপতি সীমান্ত বৰা, ৱাৰ্ড কমিছনাৰসকল আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

স্মৰ্তব্য যে, গোলাঘাট জিলাৰ পৌৰসভা এলেকাসমূহৰ উপৰি পঞ্চায়ত এলেকাৰ ১৯ টা অমৃত সৰোবৰস্থলী, ৬৯টা গাঁও পঞ্চায়ত চৌহদ, এটা ব্লক চৌহদ, এখন মহাবিদ্যালয়, ৯ খন বিদ্যালয়, এটা অংগনৱাড়ী কেন্দ্ৰ আৰু দুটা ৰাজহুৱা স্থানত "শিলাফলকম" সংস্থাপন কৰা হৈছে।

পৌৰসভাসমূহৰ লগতে প্ৰতিটো গাঁও পঞ্চায়ত এলেকাৰ স্মৃতিফলকৰ স্থলীতে "বসুধা বন্দন" অৰ্থাৎ ১৪ আগষ্টৰ ভিতৰত ৭৫ টাকৈ গছপুলি ৰোপণ কৰা হ'ব। এই স্থানসমূহতে বৃহস্পতিবাৰে দাসত্বৰ মনোভাৱ পৰিহাৰ কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা আৰু একতাৰ বান্ধোন সুদৃঢ় কৰাকে ধৰি "পঞ্চ সংকল্প" গ্ৰহণ কৰা হ'ব। শিলাফলকমস্থলীত ছেলফি ষ্টেণ্ডৰো ব্যৱস্থা কৰা হ'ব। বিগত বৰ্ষৰ দৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জিলাখনত এইবাৰো বুধবাৰৰ পৰা সৰ্বাত্মক ৰূপত "হৰ ঘৰ ত্ৰিৰংগা" অভিযান চলোৱা হৈছে। জিলা আয়ুক্তগৰাকীয়ে এই অভিযানত জিলাবাসীৰ পূৰ্ণ অংশগ্ৰহণ কামনা কৰে।

শিলাফলকমস্থলীত অহা ১৫ আগষ্টত "শ্বহীদ বীৰসকলৰ বন্দন" অৰ্থাৎ শ্বহীদৰ পৰিয়াল, মুক্তিযুঁজাৰু, কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী, সেনাবাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক তথা পৰিয়ালৰ লোকৰ উপস্থিতিত ত্ৰিৰংগ পতাকা উত্তোলন কৰি বীৰসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হ'ব।

উল্লেখ্য যে, "মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীৰ অধীনত ২৩ আগষ্টত প্রতিখন গাঁৱৰ পৰা এক কলহকৈ মাটি সংগ্ৰহ কৰি শোভাযাত্ৰা উলিয়াই পঞ্চায়ত কাৰ্যালয়লৈ অনা হ'ব আৰু প্ৰতিখন পঞ্চায়তৰ মাটিখিনি ২৪ আগষ্টত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তে সংমিশ্ৰণ ঘটাই ২৫ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লৈ যোৱা হ’ব।

খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ এই কলহসমূহ এন.চি.চি., এন.এছ.এছ. বা বিহুৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অংশগ্ৰহণ কৰা যুৱক-যুৱতীয়ে কঢ়িয়াই লৈ যাব। প্ৰতিটো ব্লকৰ পৰা এজন যুৱক বা যুৱতী এই কলহ লৈ ২৭ আগষ্টত দিল্লীলৈ ৰাওনা হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনা মাটিৰে দিল্লীৰ কৰ্তব্য পথত নিৰ্মাণ হ’বলগীয়া "অমৃত উদ্যান"ত এই মাটি ব্যৱহাৰ কৰা হ’ব।

গোলাঘাটত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীঃ শ্বহীদৰ স্মৃতিত স্মৃতিফলক
গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in