গোলাঘাট জিলাৰ কংগ্ৰেছৰ সভাপতি দাদু টায়ে বিজেপিত যোগদানৰ সম্ভাৱনা

গোলাঘাট জিলা কংগ্ৰেছত বৃহৎ অঘটন। জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে বিজেপিত যোগদানৰ সম্ভাৱনা।

author-image
Asomiya Pratidin
New Update
গোলাঘাট জিলাৰ কংগ্ৰেছৰ সভাপতি দাদু টায়ে বিজেপিত যোগদানৰ সম্ভাৱনা

ডিজিটেল সংবাদ, মেৰাপানীঃ গোলাঘাট জিলা কংগ্ৰেছত বৃহৎ অঘটন। জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে বিজেপিত যোগদানৰ সম্ভাৱনা। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী য়ে 'গাঁও চলো' কাৰ্যসূচীৰ অধীনত সৰুপথাৰলৈ আহোতে নিশা জিলাৰ বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে সাক্ষাৎ কৰাৰ ফটো ভাইৰেল হয়।

ইয়াৰ পাছতে আজি মেৰাপানীত সাংসদ গৌৰৱ গগৈ আৰু সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰোজলিনা তিৰ্কীৰ সৈতে সাংসদ পুঁজিৰ কেইবাটাও আধাৰশিলা স্থাপন কাৰ্যসূচীত দেখা যায় জিলা সভাপতি দাদু টায়েক। সংবাদিকৰ আগত তেওঁ মুখ্যমন্ত্ৰীৰে হোৱা সাক্ষাৎ এক প্ৰকাৰ ব্যক্তিগত বুলি অৱগত কৰে যদিও অনানুষ্ঠানিকভাৱে তেওঁ বিজেপি দলত যোগদান কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। এই সন্দৰ্ভত দাদু টায়ে এনেদৰে মন্তব্য কৰে।

Also Read: বৰবৰুৱাৰ জকাইৰ কেইজনমান উদীয়মান যুৱকৰ প্রশংসনীয় পদক্ষেপ

golaghat congres bjp dadu taye