/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c2163483-24d5-4b58-abe6-8a59310136a4/ikjoio.jpg)
ডিজিটেল সংবাদ, বৰবৰুৱাঃ দেশত অমৃত মহোৎসৱ চলি থকাৰ পিছতো ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনৰ জকাই পঞ্চায়তৰ ভুৰ্ভূৰী গাঁৱৰ এগৰাকী মহিলা বঞ্চিত চৰকাৰী সুবিধাৰ পৰা। ৰঞ্জনা ভূঞা নামৰ এগৰাকী মহিলাই জৰাজীৰ্ণ গোহালি সদৃশ পৰিবেশত জীৱন যাপন কৰিবলগীয়া হৈছে। এই বিষয়ে প্ৰতিদিন টাইমত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল।
বাতৰি লাভ কৰাৰ পিছতেই কেইজনমান উদীয়মান যুৱকে আগবাঢ়ি আহিল সহায়ৰ হাত আগবঢ়াবলৈ।ৰঞ্জন শইকীয়া,কল্যান গগৈ, প্ৰীতম গগৈ নামৰ যুৱক কেইজনে দুৰ্ভগীয়া পৰিয়ালটিক প্ৰদান কৰে গৃহ নিৰ্মাণৰ বাবে টিন পাত।
সেৱাৰ মনোবৃত্তি থাকিলে কোনো লোকে যে দৰিদ্ৰতা মাজত দিন অতিবাহিত কৰিবলগীয়া নহয় তাকেই প্ৰতীয়মান কৰিলে যুৱক কেইজনে।উল্লেখযোগ্য যে দেশত অমৃৎকাল চলি থকাৰ পিছতো চৰকাৰী কোনো আচনীয়ে ঢুকি পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটিক।
Also Read: ইণ্ডিয়া এৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই