/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/08c92acf-db63-43e0-8e67-c57fce706227/AP_FOR_WEB_new.jpg)
ডিজিটেল ডেস্কঃ মেৰাপানী সীমান্তৰ নাগালেণ্ডৰ ৰিছায়ান বস্তিৰ কয়লাখনিত অঘটন। কয়লা খনন কৰি থকা অৱস্থাত মাটি খহি ৬জনকৈ শ্রমিকৰ মৃত্যু। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
আনহাতে ৪ জন শ্রমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। নিহত কেইজন মজিবুৰ আলী, কমল চেত্রী, বিশাল থাপাক চিনাক্ত। আন কেইজনৰ পৰিচয় এতিয়ালৈকে লাভ কৰা নাই। নিহত ৬ জনৰে ঘৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ সোণাপুৰত।
কয়লা খনিটোত ১০জনৰো অধিক শ্রমিকে কাম কৰি আছিল। আঘাতপ্রাপ্ত ৪জন শ্রমিকক ইতিমধ্যে ডিমাপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাক লৈ তদন্ত আৰম্ভ।
Also Read: ভাৰতীয় জনতা মজদুৰ সংঘ নগাওঁ জিলাৰ সমিতিৰ সভা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us