/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/2af6987a-85fa-4c08-ace4-ee79c36d0299/vd.jpg)
ডিজিটেল সংবাদ,কামপুৰ: ভাৰতীয় জনতা মজদুৰ সংঘ নগাওঁ জিলাৰ সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে পুঠিমাৰীৰ আঞ্চলিক হাই স্কুলত এখন সভা অনুষ্ঠিত হয়।এই সভাতে অসম লোক আয়োগৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ নগাঁও জিলাৰ লগতে কামপুৰ পুঠিমাৰীৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াইবলৈ সক্ষম হোৱা বিটু বৈশ্যক সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।
সভাত পুঠিমাৰীৰ আঞ্চলিক হাই স্কুলৰ সকলো শিক্ষক উপস্থিত থকাৰ লগতে পুঠিমাৰীৰ অঞ্চলৰ তিনিশৰো ৰাইজ তথা সমাজ সেৱক সকল উপস্থিত থাকে । সম্বৰ্ধনা গ্ৰহণ কৰি সুখ্যাতি অৰ্জন কৰা বিটু বৈশ্যই ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলক সমাজ সেৱাৰ মনোভাৱ গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ লগতে নিজৰ কৰ্ম সততা আৰু নিষ্ঠাৰে কৰি গ'লে এদিন নিজ লক্ষ্যত উপনীত হব পাৰি বুলি সভাত ব্যক্ত কৰে ।
মজদুৰ সংঘৰ জিলা সভাপতি পবিত্ৰ তালুকদাৰে উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা সভাখনত শিক্ষক প্ৰদ্যুম্ন বৰা ,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নোমল লস্কৰ, মিনাৰাম মুদৈ ,সমাজকৰ্মী গোপাল দাস , অতুল চন্দ্ৰ দাস ,শিক্ষক গিৰীন্দ্ৰ শইকীয়া ,সৈতেন্দ্ৰ বৈশ্যকে ধৰি বিশিষ্ট ব্যক্তিসকলে কৃতিমান বিটু বৈশ্যৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু লগতে তেওঁৰ নতুন কৰ্মৰ বাবে আর্শীষ জ্ঞাপন কৰে।
Also Read: সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত শিক্ষাৰ্থীৰ বাণিজ্য মেলা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us