৫০ উৰ্দ্ধৰ ব্যক্তিৰ যৌন নিৰ্যাতন নাবালিকাক

৫০ উৰ্দ্ধৰ ব্যক্তিৰ যৌন নিৰ্যাতন নাবালিকাক

author-image
Asomiya Pratidin
New Update
৫০ উৰ্দ্ধৰ ব্যক্তিৰ যৌন নিৰ্যাতন নাবালিকাক

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীত সংঘটিত হৈছে কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা। মেৰাপানী আৰক্ষী থানাৰ অধীনৰ বলোৰাম বৰা নামৰ এজন ৫৫ বছৰীয়া ব‍্যৱসায়ীৰ বিৰুদ্ধে দুগৰাকীকৈ কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

ব‍্যক্তিজনে যোৱা বৃহস্পতিবাৰে পঞ্চম শ্ৰেণীত অধ‍্যয়নৰত এগৰাকী কিশোৰী তেওঁৰ দোকানলৈ দৰৱ আনিবলৈ যাঁওতে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ইয়াৰ পূৰ্বেও ব‍্যক্তিজনে অন্য এগৰাকী কিশোৰীক এনে ব‍্যৱহাৰ কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

ইতিমধ্যে অভিযুক্ত বলো বৰা নামৰ ব‍্যক্তিজনৰ বিৰুদ্ধে কিশোৰী দুয়োগৰাকীৰ পৰিয়ালে মেৰাপানীৰ আৰক্ষী থানাত পৃথক পৃথকভাৱে গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে ব‍্যক্তিজনক আটক কৰিবলৈ সক্ষম হোৱা নাই।

Also Read: এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

merapani