উৎকোচ লৈ হাত দাঙিলে এগৰাকী বন বিষয়াই

উৎকোচ লৈ হাত দাঙিলে এগৰাকী বন বিষয়াই

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ হাত দাঙিলে এগৰাকী বন বিষয়াই

ডিজিটেল সংবাদ,মেৰাপানী : উৎকোচ লৈ পুনৰ হাত দাঙিলে অসম চৰকাৰৰ বন বিভাগৰ এজন বিষয়াই। মেৰাপানীত দুৰ্নীতি নিৰ্বাৰক শাখাৰ অভিযানত উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক কৰে জামুগুৰি আঞ্চলিক বন বিষয়া গোবিন্দ্ৰ টাইদক।

Advertisment

অভিযোগ অনুসৰি বন বিষয়াগৰাকীয়ে ব্যৱসায়ী দেৱজিত বৰাৰ শিল কঢ়িওৱা ডাম্পাৰৰ পৰা ভয় ভাবুকিৰে ২০ হাজাৰ টকা উৎকোচ বিচাৰিছিল। নিজ কাৰ্যালয়তে শুক্ৰবাৰে বিয়লি ২০ হাজাৰ টকা উৎকোচ লৈ থাকোতেই আটক কৰে বন বিষয়াগৰাকীক।

উল্লেখ্য যে,পূৰ্বতেও অঞ্চলটোৰ ব্যৱসায়ীসকলক ধন দাবী কৰি অতিষ্ঠ কৰি আহিছিল বিষয়াজনে। ঘটনাৰ সন্দৰ্ভত ঘিলাধাৰী আৰক্ষী আৰু দুৰ্নীতি নিৰ্বাৰক অব্যাহত ৰাখিছে জেৰা।

Also Read: সমাজকৰ্মী ড০ মনীষা বেহললৈ 'ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা'

merapani police station merapani