/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e9580b86-668b-40af-b699-5d785081b91a/AP_FOR_WEB_handique_college_.jpg)
ডিজিটেল ডেস্ক : আজি ৮মাৰ্চ। আন্তৰ্জাতিক নাৰী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি অসমৰ অগ্ৰণী নাৰী শিক্ষাৰ প্ৰতিষ্ঠান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে আয়োজন কৰিছে বিশেষ অনুষ্ঠান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/af986e54-52a5-4dee-8666-e3a113775f1b/df26d72a_d77d_45e4_92ed_80c5f342d153.jpg)
মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ৰাজবালা দাসৰ সশ্ৰদ্ধ স্মৃতিত শুকুৰবাৰে অনুষ্ঠিত কৰে 'ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা প্ৰদান' অনুষ্ঠান। এই অনুষ্ঠানটি মহাবিদ্যালয় শিক্ষক গোটে ৰাজবালা দাস স্মৃতি ৰক্ষা ন্যাসৰ সহযোগত আয়োজন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/eac4c7ca-8020-438b-b553-5cf6299d45a9/3c6a468c_632e_4126_be9e_af2f86c7670e.jpg)
আজিৰ এই উল্লেখযোগ্য দিনটোত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ তৰফৰ পৰা 'ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা' শীৰ্ষক বঁটাটি শিক্ষাবিদ, সমাজকৰ্মী তথা নৰ্থ-ইষ্ট নেটৱৰ্কৰ প্ৰতিষ্ঠাপক ড০ মনিষা বেহললৈ আগবঢ়োৱা হয়। ড০ বেহললৈ আগবঢ়োৱা বঁটাটিত আছে এটি স্মাৰক, সম্বৰ্ধনা পত্ৰ, নগদ৫০হাজাৰ টকাৰ চেক আৰু এখনি এড়ী চাদৰ। বঁটা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক, লেখক তথা চলচ্চিত্ৰ পৰিচালক সঞ্জয় হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0bd5bd78-8ce6-4e27-a224-974b82b1158d/ea516182_9d3c_48d5_96b5_13217c15e776.jpg)
বঁটা গ্ৰহণ কৰি ড০ বেহলে আনন্দ প্ৰকাশ কৰি বঁটাটি সাদৰেৰে গ্ৰহণ কৰা বুলি মন্তব্য কৰে। ৰাজবালা দাসৰ নামত প্ৰদান কৰা বঁটা পাই তেওঁ সুখী। লগতে ৰাজবালা দাসৰ চিন্তা-চেতনা সম্পৰ্কে মনৰ ভাব প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/11818937-ff17-4c6f-b232-7d8c7d821572/f63e4b20_bdf9_4028_8474_960c4e092d1f.jpg)
ইয়াৰোপৰি তেওঁ কয় যে, নাৰীসকলৰ বাবে কৰণীয় বহুটো আছে। সংবাদ মাধ্যমে এইক্ষেত্ৰত গুৰুত্ব দিব লাগিব। কেৱল নিৰ্যাতন,হত্যা, ধৰ্ষণ আদিৰ বাতৰি সমাজক দেখুৱাই থাকিলে নহ'ব, নাৰীসকলে কৰা উল্লেখনীয় দিশসমূহো দাঙি ধৰিব লাগিব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8f039e92-5a41-4353-b26a-e71bc9857045/99efda91_c134_415f_872a_a5d6116fdb2a.jpg)
আনহাতে উক্ত অনুষ্ঠানতে ৰাজবালা দাস বাৰ্ষিক বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজবালা দাস সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শৰ্মাই বক্তব্য প্ৰদান কৰাৰ উপৰি নিমন্ত্ৰিত বক্তসকলে উপস্থিত ৰাইজৰ সন্মুখত বক্তব্য দাঙি ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/6b809344-4952-4c19-949d-7a1a00c85802/83ae1cb9_00d6_4481_982c_c7bdd68efd2b.jpg)
ইয়াৰোপৰি জ্যেষ্ঠ সাংবাদিক-লেখক সঞ্জয় হাজৰিকাই "Text and context : woman, gender and safe spaces in Assam and the North East region". বিষয় সম্পৰ্কে বক্তব্য দাঙি ধৰে। উক্ত অনুষ্ঠানতে প্ৰতিষ্ঠাপক অধ্যক্ষা ৰাজবালা দাসৰ ' তিনি কুৰি দহ' শীৰ্ষক গ্ৰন্থখনি মঞ্চত উপৱিষ্ট গন্যমান্য ব্যক্তিসকলৰ দ্বাৰা উন্মোচন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/25c87c7e-2747-4b89-b549-fab9703c1a8c/0105c761_cf0b_41a6_a620_a8bfe968aa35.jpg)
উল্লেখ কৰা প্ৰয়োজন যে অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এটি সমবেত সংগীতেৰে অনুষ্ঠান মুকলি কৰে। ইয়াৰোপৰি অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শৰ্মাই। ভাষণ প্ৰসংগত সন্দিকৈ ছোৱালী মহাবিদ্যালয়খনি বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে অধ্যক্ষ ড০ শৰ্মাই মুখ্যমন্ত্ৰীক আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8ad1c521-5572-434c-9037-75d8695a81e5/12e1cca0_8092_40f8_a978_8ebbaa981153.jpg)
অনুষ্ঠানত উপস্থিত থাকে ৰাজবালা দাসৰ নাতি দেৱজিৎ কুমাৰ দাস, ড০ সুব্ৰতা শৰ্মা ভট্টাচাৰ্য্য, চিন্তাবিদ ময়ূৰ বৰা, জ্যেষ্ঠ সাংবাদিক সঞ্জয় হাজৰিকা, মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি লক্ষ্মী হাজৰিকা তথা অধ্যাপক-অধ্যাপিকাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰীসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0ba547b4-3cfc-4bdd-b13d-47bd6bd678ee/f791a36e_cc14_4c07_af16_62d7b495d587.jpg)
Also Read: মঙলদৈত ভালেসংখ্যক লোকে পিন্ধিলে গেৰুৱা বসন