/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/42d603f8-7b72-43ae-9b29-a6d850986849/bhup.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহৱান মৰ্মে বীৰ শ্বহীদ সকলৰ স্মৃতিসৌধ নিৰ্মানত জাতি ধৰ্ম বৰ্ণ নিৰ্ব্বিশেষে প্ৰতিগৰাকী লোকৰ অংশগ্ৰহণৰ উদ্দেশ্যে চতিয়া সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ পৰা চলিছে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান৷ এই উপলক্ষে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত সমষ্টিটোৰ প্ৰতিটো গাঁওপঞ্চায়ত এলেকাধীন লোকসকলৰ পৰিয়ালসমূহৰ গৃহৰ পৰাও চলিছে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান৷
শনিবাৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা আৰু জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে সতীৰ্থসহ এই অভিযানৰ নেতৃত্ব লৈ বিভিন্ন প্ৰান্তৰ পৰিয়ালসমূহৰ বাসগৃহত গৈ পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান চলায়৷ নেতা দ্বয়ে কয় যে, দেশৰ স্বাধীনতাৰ অখণ্ডতাৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদ সকলৰ স্মৃতি সৌধ নিৰ্মানত অংশগ্ৰহণৰ বাবে এই পবিত্ৰ ভূমি সংগ্ৰহ কৰা হৈছে৷ গাওপঞ্চায়তৰ পৰা জিলা আৰু ৰাজ্যিক প্ৰৰ্য্যায়লৈকে এই পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান চলিব আৰু অৱশেষত এই ভূমি দিল্লীত জমা হ'ব৷
Also Read: মণিপুৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ