/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/36902bed-995f-4ba7-b118-3814d423830d/kok.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : অগ্নিগৰ্ভা মণিপুৰত হিংসাত্মক ঘটনাৰ অৱসান ঘটাই স্থায়ী শান্তি প্ৰতিষ্ঠা কামনাৰে কোকৰাঝাৰত "লৱাৰ আছাম আন্তঃগীৰ্জা মহিলা শান্তি সমিতি"ৰ উদ্যোগত সমূহীয়া প্ৰাৰ্থনা আৰু মমবাতি প্ৰজ্বলণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই উপলক্ষে বুধবাৰে বিয়লি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত হোৱা অনুষ্ঠানত সহস্ৰাধিক মহিলাই অংশ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f5bf3d0d-d512-4eb4-91a9-8e905c97a697/084191ed_fb3d_4b06_a5af_9fbf351cc858.jpg)
কোকৰাঝাৰ ,চিৰাং, বাগছা ,ওদালগুৰী আৰু বঙাইগাঁও জিলাৰ সহস্ৰাধিক খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ মহিলা উপস্থিত থাকি মণিপুৰৰ হিংসাত্মক ঘটনাৰ অৱসান বিচাৰি মণিপুৰৱাসীক শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে , মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ শান্তিৰ আহ্বানৰে আজিৰ লৱাৰ আছাম আন্তঃ গীৰ্জা মহিলা শান্তি সমিতিৰ উদ্যোগত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ মহিলাসকলে নীৰৱ প্ৰাৰ্থনা, শৃংখল প্ৰাৰ্থনা, গণ প্ৰাৰ্থনা আৰু মমবাতি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ae7bed8f-21b5-44c5-ae18-ec421ddf5950/f922bf12_fa33_4565_86ed_9268fa2a8b6a.jpg)
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰী আৰু আমন্ত্ৰিত বক্তা হিচাপে বঙাইগাও কেথলিক গীৰ্জাৰ ৰেভাৰেন্ট বিছপ বসুমতাৰী, চি এন আইৰ ৰৈমালী মুছাহাৰী, এন ই এল চি সোনামনি মূৰ্মূ আৰু নামনি অসমৰ গীৰ্জাৰ ফাদাৰ,ৰেভাৰেন্ট, চিষ্টাৰ আৰু বিলিভাৰসমূহ উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ ইপিনে অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই লৱাৰ আছাম আন্তঃগীৰ্জা মহিলা শান্তি সমিতিৰ আহ্বায়ক ৰেণু বসুমতাৰীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/db115083-4de2-4802-a8da-b621ddc056a0/d5e5972a_c1a7_4b6d_a9db_e3fe6c92d386.jpg)
বসুমতাৰীয়ে অশান্ত মণিপুৰত দুই মহিলাক বিৱস্ত্ৰা কৰা নিৰ্লজ্জ ঘটনাক পলমকৈ হ'লেও গৰিহণা দি বিশ্ববাসীৰ ওচৰত লজ্জানত কৰা মণিপুৰ ঘটনাৰ পৰিসমাপ্তি ঘটাই অঞ্চলটোত স্থায়ী শান্তি বৰ্তাই ৰখাৰ সকলো পক্ষকে আহ্বান জনায় ৷ আনহাতে সংবাদমাধ্যমৰ আগত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মণিপুৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি দুয়োপক্ষকে হিংসা পৰিহাৰ কৰি শান্তিৰ বাতাবৰণ গঢ়ি তুলিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a6435f61-bead-4538-824d-8832d7e8f0c2/67ee2346_ef8b_4f46_b6ee_93709e8f502c.jpg)
হিংসাই কোনো সমস্যাৰ সমাধান নকৰে বুলি মন্তব্য কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মানৱতাৰ স্বাৰ্থত হিংসা পৰিহাৰ কৰি শান্তিপূৰ্ণ , প্ৰগতিশীল মণিপুৰ নিৰ্মাণৰ বাবে সকলো পক্ষকে কাম কৰিবলৈ আহ্বান জনায় ।