/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/099d69f2-6c5e-42df-bdad-ddf29d346352/FIRE_23.jpg)
বিশ্বনাথৰ ধুলি চাহ বাগিছাৰ ২ নং লাইনত অগ্নিকাণ্ড: ভস্মীভূত দুটা লাইন কোৱাৰ্টাৰ
ডিজিটেল সংবাদ বিহালীঃ বিশ্বনাথৰ ধুলি চাহ বাগিছাৰ ২নং লাইনত সোমবাৰে নিশা প্ৰায় ১১ বজাত সুৰেশ চবৰৰ লাইন কোৱাৰ্টাৰত মম জ্বলাই থৈ দিয়াৰ ফলত কাপোৰত জুই লগাত গোটেই ঘৰখনত অগ্নি সংযোগ হোৱাৰ লগে লগে আন এটি লাইন কোৱাৰ্টাৰতো অগ্নি সংযোগ হয়। দুয়ো ঘৰৰ মানুহে জুই লগাৰ উমান পাই ততাতৈয়াকৈ ঘৰৰ পৰা ওলাই আহি নিজৰ জীৱন ৰক্ষা কৰে।
জানিব পৰা মতে সুৰেশ সবৰৰ ঘৰত বিজুলী সংযোগ কৰ্তন কৰি দিয়াৰ ফলত বহু দিনৰ পৰাই মম জ্বলাই ৰাতি পাৰ কৰিব লগা হৈছিল। সোমবাৰেও সুৰেশ সৱৰৰ পত্নীয়ে মম জ্বলাই থোৱাত তদাৰ পৰাই কাপোৰত জুই লাগে।
জুই লগাৰ উমান পাই সুৰেশ সবৰৰ পত্নীয়ে সেই জুই লগা কাপোৰ দলিয়াই দিয়াত খিৰিকিৰ পৰ্দাত লাগে আৰু জুয়ে সেই পৰ্দাও আবৰি ধৰে। উপায়ন্তৰ হৈ স্বামী-পত্নীয়ে দুটি সন্তানক লৈ ঘৰৰ বাহিৰলৈ ওলাই আহে।
তাৰ পিছতে কাষতে থকা আন এটা কোৱাৰ্টাৰতো জুই বিয়পি পৰে। ফলত সেই ঘৰটোৰ আবাসী বৈকুণ্ঠ বাঘে নিজৰ পৰিয়াল আৰু সন্তানক লৈ ঘৰৰ বাহিৰলৈ ওলাই প্ৰাণ ৰক্ষা কৰে। এই অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা কৰে যদিও অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ় জুই নিৰ্বাপন কৰে। উক্ত অগ্নিকাণ্ডত দুয়ো পৰিয়ালৰ সম্পূৰ্ণ আচবাব জ্বলি ভস্মীভূত হয়।
Also Read: মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত চতিয়াৰ বিভিন্ন স্থান পৰিদৰ্শন বিধায়ক আৰু জিলা আয়ুক্তৰ