/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/skjkjk.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : ''ফুকন চন্দ্ৰ চৌধুৰী আছিল পৰিচিত-অপৰিচিত সকলোৰে বিপদৰ বন্ধু। কৰ্তব্যপৰায়ণ, সমাজপ্ৰিয় আৰু সমাজ সচেতন এই গৰাকী ব্যক্তি মোৰ প্ৰতিৱেশীয়েই নহয়, পৰম সুহৃদ আছি'' হস্ততাঁত, বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰয়াত ফুকন চৌধুৰীৰ তৃতীয় বাৰ্ষিক মৃত্যু তিথিত স্মৃতিগ্ৰন্থ উন্মোচন কৰি আজি এই মন্তব্য কৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ প্ৰাক্তন মুখ্য উপদেষ্টা ৰঞ্জিত বৰুৱাই।
জু-ৰোডৰ সুগম পথত থকা বাসভৱন চৌহদত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ প্ৰয়াত চৌধুৰীৰ স্মৃতি প্ৰকাশিত উন্মোচনী ভাষণত তেওঁ এইদৰে কয়। প্ৰকাশ মহন্তই আঁতধৰা অনুষ্টুপীয়া সভাখনৰ আৰাম্ভণীতে এক মিনিট সময়ৰ বাবে সকলোৱে থিয় হৈ স্বৰ্গগত ফুকন চন্দ্ৰ চৌধুৰীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/929b0bd1-6bf8-45fa-890e-9f66b3e706c8-1024x473.jpg)
আনহাতে স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডম্বৰু শইকীয়া আৰু হস্ততাঁত বস্ত্ৰ বিভাগৰ ফুকন চৌধুৰীৰ কনিষ্ঠ সহযোগী আৰু বৰ্তমানৰ শীৰ্ষ পদাধিকাৰ দীননাথ, এ আৰ চৌধুৰীৰ লগতে অৱসৰ প্ৰাপ্ত বেংক বিষয়া মহেন্দ্ৰ বৰ্মন, ফুকন চৌধুৰীৰ কনিষ্ঠ ভাতৃ প্ৰভাত চৌধুৰী আৰু প্ৰণিতা চৌধুৰীয়েঅ সক্ষেপে মনৰ অনুভৱ সুকীয়া সুকীয়াকৈ ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/WhatsApp-Image-2022-05-31-at-2.28.51-PM-1024x473.jpeg)
প্ৰত্যেকৰে ব্যক্তব্যত তেওঁৰ পাৰিবাৰিক জীৱন, সমাজৰ প্ৰতি থকা দায়বদ্ধতা, বৃত্তিগত কৰ্তব্যপৰায়ণতা আৰু আপদ-বিপদত সকলোৰে কাষত থিয় দিয়া সু-সংস্কৃতিবান ফুকন চন্দ্ৰ চৌধুৰীৰ ব্যক্তিত্ব সন্দৰ্ভত আলোকপাত কৰা হয়।স্মৃতিচৰণ অনুষ্ঠানত বিহুতলী নামঘৰৰ সৈতে জড়িত বহু লোকৰ লগতে বেলতলা বজাৰৰ বহু ক্ষুদ্ৰ,মজলীয়া ব্যৱসায়ী কালাৰপ্লাছ প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰ ভাস্কৰ বৰ্মন আৰু জুৰোড সংলগ্ন সুগম পথ, শান্তি পথ, তৰুণ নগৰ, অনিৰুদ্ধ নগৰ আদি এলেকাৰ বহু সংখ্যক লোক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us