নগাঁৱত প্ৰথমখন ধঁপাত মুক্ত বিদ্যালয় ঘোষণা…

নগাঁৱত প্ৰথমখন ধঁপাত মুক্ত বিদ্যালয় ঘোষণা…

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ প্ৰথমখন ধঁপাত মুক্ত বিদ্যালয় ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় ৷ নগাঁও জিলা প্ৰশাসনে মঙলবাৰে আনুষ্ঠানিক ভাৱে ডচনক ধঁপাত মুক্ত বুলি ঘোষনা কৰিছে ৷

নগাঁও ধঁপাত নিয়ন্ত্ৰন কোষৰ ৰঞ্জন কুমাৰ গোস্বামী, যুটীয়া স্বাস্থ্য সঞ্চালক ডা° অতুল পাটৰ, বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল নাথে বিদ্যালয় খনিৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যক আনুষ্ঠানিক ভাবে ধঁপাত মুক্ত বিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে ৷

১৯১৬ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয় খনিৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে বিদ্যালয়খনে ধঁপাত মুক্ত বিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছে ৷ বিদ্যালয় খনত অধ্যয়নৰত ১৫০০ ছাত্ৰ-ছাত্ৰী সকলো ধৰনৰ ধঁপাতৰ পৰা মুক্ত ৷ অধ্যক্ষকে ধৰি ৪৭ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী কোনেও ধঁপাতৰ দ্বাৰা আসক্ত নহয় ৷

একেদৰে বিদ্যালয়ত কৰ্মৰত ৫ গৰাকী কৰ্মচাৰীয়েও ধঁপাত সেৱন নকৰে ৷ বিদ্যালয় খনৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কোনোধৰনৰ ধঁপাতযুক্ত সামগ্ৰী বিক্ৰি কৰা নহয় ৷ ধঁপাত মুক্ত বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ ধঁপাত বিৰোধী এক সজাগতমূলক শোভাযাত্ৰও নগাঁও চহৰত বাহিৰ কৰে নগাঁৱৰ স্বাস্থ্য বিভাগে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in