নাৰী নিৰ্যাতনে সীমা চেৰাইছে অসমত! মহিলা কংগ্ৰেছে সকীয়নি দিলে মহিলা আয়োগক

নাৰী নিৰ্যাতনে সীমা চেৰাইছে অসমত! মহিলা কংগ্ৰেছে সকীয়নি দিলে মহিলা আয়োগক

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: অসমত বিগত বছৰ কেইটাত ক্ৰমবৰ্দ্ধমান হাৰত বৃদ্ধি পোৱা নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনা সমূহ ৰোধ কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা নাই। আনহাতে এই বিষয়সমূহত চৰকাৰক উপযুক্ত দিহা-পৰামৰ্শ দি নাৰীৰ ওপৰত চলা হিংসা, নিৰ্যাতনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ৰাজ্যিক মহিলা আয়োগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছে। লগতে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি অসমৰ নাৰী সমাজৰ পক্ষত মাত মাতিবলৈ সোঁৱৰাই দি সোমবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছে ৰাজ্যিক মহিলা আয়োগৰ আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, সাধাৰণ সম্পাদিকা বনশ্ৰী গগৈৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে আয়োগৰ হাতত প্ৰদান কৰা স্মাৰক পত্ৰ খনত কোৱা হৈছে যে কাৰ্যতঃ ২০১৬ চনৰ পৰা ৰাজ্যিক মহিলা আয়োগৰ অস্তিত্ব কেৱল ফাইলৰ মাজতে সীমাবদ্ধ হৈ আছে।

সমগ্ৰ ৰাজ্যখনত এটাৰ পিছত আনটো নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো আয়োগ এইবোৰৰ বিৰুদ্ধে কিয় তৎপৰ নহয় সেয়া সমগ্ৰ মহিলা সমাজৰ বাবে এক ডাঙৰ সাঁথৰ বুলি উল্লেখ কৰে। লগতে আইন প্ৰদত্ত ক্ষমতা ব্যৱহাৰ কৰি তাৎক্ষণিকভাৱে মহিলা আয়োগক অসমৰ নিৰ্যাতিত নাৰী সমাজৰ হৈ নিজৰ দায়িত্ব পালন কৰিবলৈ স্মাৰক পত্ৰ খনত সকীয়াই দিয়া হয়।

আৰু পঢ়ক: হাটশিঙিমাৰীত দুষ্ট চক্ৰই ১২ কোটি টকীয়া নলা বন্ধ কৰাৰ বাবে প্লাবিত ন ন অঞ্চল

assam crime against women congress