হাটশিঙিমাৰীত দুষ্ট চক্ৰই ১২ কোটি টকীয়া নলা বন্ধ কৰাৰ বাবে প্লাবিত ন ন অঞ্চল

হাটশিঙিমাৰীত দুষ্ট চক্ৰই ১২ কোটি টকীয়া নলা বন্ধ কৰাৰ বাবে প্লাবিত ন ন অঞ্চল

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: বিগত দুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে মানকাচৰৰ মুঠ ৭ খনকৈ গাওঁ পঞ্চায়ত এলেকাৰ অৰ্ধ শতাধিক গাঁৱত কৃত্ৰিম বানৰ সৃষ্টি হৈ জিলাখনত ঠায়ে ঠায়ে বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে।

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী ধানুৱা, মানুল্ল্যাপাৰা, ফেকামাৰী, ফুলেৰচৰ, মালিৰ আলগা, কঠালবাৰী আৰু ভূৰাকাটা গাওঁ পঞ্চায়ত এলেকাত থকা প্ৰায় ৫০ খন গাঁৱত কত্ৰিম বানৰ পানীয়ে প্লাবিত কৰা ৰাখিছে। বিশেষকৈ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী তথা ফুলেৰচৰ গাওঁ পঞ্চায়ত এলেকাৰ অধীনস্থ হাটশিঙিমাৰী, মহামায়া নগৰ, শান্তিপুৰত কৃত্ৰিম বানে সাধাৰণ লোকৰ জনজীৱন ব্যহত কৰি তুলিছে।

এই এলেকাত প্ৰতি বছৰে কৃত্ৰিম বানে সমস্যাৰ সৃষ্টি কৰাৰ ফলত বিগত প্ৰায় ৫ বছৰ পূৰ্বে জিলা প্ৰশাসনৰ তত্বাৱধানত প্ৰায় ১২ কোটি টকা খৰচ কৰি মেঘালয়ৰ গাৰো পাহাৰৰ পানী ব্ৰহ্মপুত্ৰ নদীত নিগৰি যোৱাৰ বাবে এখন নলা নিৰ্মাণ কৰি দিয়ে। গাৰো পাহাৰৰ পৰা মহামায়া হৈ শান্তিপুৰ গাওঁৰ মাজত নিৰ্মাণ হোৱা নলাৰে মালিৰ আলগা গাওঁ পঞ্চায়ত এলেকাৰ চৰকাশাৰীপাৰা গাওঁৰ মাজেৰে বিশেষকৈ বৰষুণৰ পানী ব্ৰহ্মপুত্ৰ নদীত পৰে।

কিন্তু উক্ত ১২ কোটি টকীয়া নলাৰ দুটাকৈ পৃথক স্থানত মাটিভৰ্তি বস্তাৰে নলা বন্ধ কৰি দিয়াৰ ফলত নলাৰে পানী ওলাব নোৱাৰা হৈ পৰে। জানিব পৰা মতে এটা দুষ্ট চক্ৰই নিজৰ কৃষক সকলৰ খেতিবাতিত যাতে পানী নহয় তাৰ বাবে এইদৰে নলাটো বন্ধ কৰি ৰাখিছিল। ফলত নলাৰে পানী ওলাৱ নোৱাৰি মহামায়া নগৰ আৰু শান্তিপুৰ গাওঁত প্ৰায় তিনি শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰত নিশা টোপনীৰ মাজতে পানীয়ে প্লাবিত কৰে।

কোনো কোনো পৰিয়ালৰ বিছনাতে নিশা ১ বজাত পানী উঠাৰ ফলত পৰিয়াল কেইটাৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ পানীয়ে মহামায়া নগৰ আৰু শান্তিপুৰ গাওঁত জলমগ্ন কৰি ৰাখিছে যদিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত লোক। একাংশ জনে এবুকু পানীৰ মাজেৰে ওখ স্থানত গৈ বাল্টিৰে বিশুদ্ধ খোৱা পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। আনহাতে একাংশ লোকৰ ভৰালত জমা কৰা ধান, ঘেহু আদি পানীত ডুবি নষ্ট হোৱাৰ লগতে ব্যৱসায়ী সকলে ষ্টক কৰি থোৱা লাখ লাখ টকাৰ চিকি ছুপাৰী পানীত ডুবি নষ্ট হবলৈ ধৰিছে।

এই গাওঁ দুখনৰ মুল মুল পথৰ ঠায়ে ঠায়ে ভাঙি-ছিঙি পৰাৰ উপৰিও পানীয়ে পথসমূহ প্ৰাবিত কৰি ৰখা পৰিলক্ষিত হৈছে। অৱশ্য শান্তিপুৰৰ একাংশ সচেতন লোক নলাটো খুলি দিয়াৰ ফলত গাওঁ দুখনত ক্ৰমাত পানী হ্ৰাস হবলৈ ধৰিছে। জিলা প্ৰশাসনৰ পৰা কোনো অনুমতি নোলোৱাকৈ দুষ্ট চক্ৰই এইদৰে খেতিৰ দোহাই দি নলা বন্ধ কৰাৰ বাবে গাওঁবাসীয়ে এই চক্ৰটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে । এই ক্ষেত্ৰত জিলা প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

ইফালে অসম-মেঘালয় সীমান্তৱৰ্তী ধানুৱা, মানুল্যাপাৰা গাওঁ পঞ্চায়ত এলেকাৰ প্ৰায় প্ৰতিখন গাওঁ এতিয়া কৃত্ৰিম বানৰ ফলত প্লাবিত হৈ আছে। একেদৰে ফেকামাৰী গাওঁ পঞ্চায়ত এলেকাৰ ময়নাবান্ধা গাওঁতো একেই পৰিস্থি হৈ পৰিছে। অঞ্চলটোত প্ৰায় ৩০ খনকৈ গাওঁ এতিয়া বানৰ কবলত পৰিছে। বিশেষতৈ এই এলেকাত প্ৰায় ৭০ শতাংশ লোক নিজৰ নিজৰ পুখুৰীত মাছ পালন কৰাৰ লগতে খেতি-বাতি কৰি উপাৰ্জনৰ পথ প্ৰসস্ত কৰি তুলিছে।

কিন্তু হঠাতে অহা এই মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলৰ ফলত প্ৰায় অৰ্ধ শতাধিক মাছ পালন কৰা কৃষকৰ পুখুৰী ছিঙি যোৱাৰ লগতে পানীত ডুব গৈছে। ফলত মাছ পালক সকলৰ লাখ লাখ টকাৰ মাছ কৃ্ত্ৰিম বানৰ পানীত ওলাই যোৱাত কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হবলগীয়া হৈছে। এই এলেকাৰ মাজত থকা একামাত্ৰ গড়কপ্তানি পকী পথৰ ওপৰেদি কালিৰে পৰা পানী বৈ থকাৰ ফলত অঞ্চলটোৰ ন ন অঞ্চল পানীয়ে প্লাবিত কৰিছে।

পূৰ্বে প্ৰাকৃতিক ভাবে গাৰো পাহাৰৰ পানী অঞ্চলটোৰ বিভিন্ন নলাৰে ব্ৰহ্মপুত্ৰ নদীত ওলাই গৈছিল যদিও একাংশ লোক নলাবোৰ বন্ধ কৰি পুখুৰী খান্দি বিশান বিশাল বিশাল আলি নিৰ্মাণ কৰি দিয়াৰ ফলত বৰ্তমানে এই এলেকা কেইখনৰ পৰা পানী ওলাই যোৱাৰ কোনো বিকল্প ব্যৱস্থা নাই। ফলত এই অঞ্চলৰ অধিকাংশ কৃষি ভূমি বছৰৰ প্ৰায় ১০ মাহ পানীয়ে জলমগ্ন কৰি ৰখাত জলাশয়ৰ সৃষ্টি হৈছে। গাওঁবাসীয়ে বাৰে বাৰে জিলা প্ৰশাসনত পানী ওলাই দিবলৈ বিভিন্ন দাবী দি আহিছে যদিও জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে বিষয়টোৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে জিলাৰ সদৰ হাটশিঙিমাৰীত একাংশ লোক পৰিকল্পনাহীন ভাবে ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰাত গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ পথ একপ্ৰকাৰে বন্ধ হৈ পৰিছে। ফলত সামান্য বৰষুণ হলেই গাৰো পাহাৰৰ পৰা এখন পথৰ ওপৰেদি পানী নিগৰি আহি জিলাৰ সদৰৰ বিভিন্ন কাৰ্যালয় জলমগ্ন কৰি পেলায়। বিশেষকৈ জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা যুটীয়া স্বাস্থ্য বিভাগৰ কাৰ্যালয়, জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, জিলা কৃষি বিভাগৰ কাৰ্যালয়, মানকাচৰ শিক্ষা খণ্ডৰ খণ্ড বিষায়ৰ কাৰ্যালয়কে ধৰি প্ৰায় ১০ খনকৈ চৰকাৰী কাৰ্যালয়ৰ কোঠাৰ ভিতৰলৈ পানী সোমাই পৰে।

ফলত বিষয়া-কৰ্মচাৰীয়ে কাৰ্যালয়ত কাম কৰি নোৱাৰা পৰিবেশৰ সৃষ্টি হৈ পৰিছে। একেদৰে সদৰত অৱস্থিত ৰেইনবো ইংলিচ একাডেমী, নামনি অসম জাতীয় বিদ্যালয়, সাৰ্বজনীন জাতীয় বিদ্যালয়, শান্তিপুৰ এম ই মাদ্ৰাছাকে ধৰি বহু কেইটা শিক্ষানুষ্ঠানত পানীয়ে জলমগ্ন কৰি ৰখাত উক্ত শিক্ষানুষ্ঠান কেইটাত পাঠদান অস্থায়ী ভাবে বন্ধ কৰি দিয়া হৈছে। তদুপৰি জিলাৰ সদৰত থকা খাৰুৱাবান্ধা সপ্তাহিক বজাৰ খনৰ প্ৰায় ২০-২৫ টা দোকানত পানীয়ে জলমগ্ন কৰি পেলাই দোকানৰ সামগ্ৰী নষ্ট হৈ ব্যৱসায়ী সকলেও বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে।

মন কৰিবলগীয়া বিষয় এয়া যে জিলাখনৰ ঠায়ে ঠায়ে এইদৰে কৃত্ৰিম বানৰ সৃষ্টি হৈ হাহাকাৰ জনক পৰিবেশৰ সৃষ্টি হোৱাৰ পাছতো জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈ কোনো ধৰণৰ সহায় কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হোৱা নাই। এনেকি মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক তথা অসম সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমৰ অধ্যক্ষ জাবেদ ইছলাম তথা প্ৰাক্তন বিধায়ক মতিউৰ ৰহমান মণ্ডল বা তেওঁলোকৰ কোনো প্ৰতিনিধি বন্যাৰ্তক সহায় কৰাতো দূৰৰে কথা তেওঁলোকৰ অৱস্থা পৰিদৰ্শনৰ বাবেও এতিয়ালৈ উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে বন্যাৰ্ত সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in