
ডিজিটেল ডেস্কঃ সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে স্মাৰকপত্ৰ। কেইবাটাও দাবীৰে সোমবাৰে এই স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে সন্থাই। স্মাৰকপত্ৰত উল্লেখিত দাবীসমূহ হ'ল-
১) ১০ দিনৰ ভিতৰত ৰান্ধনী/সহায়িকাসকলৰ সমস্যাৰ সম্পৰ্কত ৰাজ্যিক কেবিনেটত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা। ২) ১০ দিনৰ ভিতৰত মাহেকীয়া বকেয়াসমূহ মুকলি কৰাৰ ব্যৱস্থা কৰা। ৩) ৰান্ধনী-সহায়িকাসকলৰ মাহেকীয়া পাৰিশ্ৰমিক ৯৬০০ টকালৈ শীঘ্ৰেই বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা। ৪) ৰাজ্যৰ ভালেসংখ্যক বিদ্যালয় একত্ৰীকৰণৰ পাছত তেওঁলোকৰ প্ৰায় ৭০০০কৈও অধিক ৰন্ধনকৰ্মীয়ে সংস্থাপনহীন হৈ পৰাসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা। ৫) মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ৰন্ধনকৰ্মীসকলৰ সমস্যাখিনি গুৰুত্ব সহকাৰে লৈ সমাধানৰ ব্যৱস্থা কৰা আদি।
এই দাবীসমূহৰ ক্ষেত্ৰত ১০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ১১ চেপ্তেম্বৰত ১ লাখ ১৮৯৯৮ গৰাকী কৰ্মীৰ জৰিয়তে "জনতা ভৱন ঘেৰাও" কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও উক্ত পত্ৰত উল্লেখ কৰে।