বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰিলে কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ

বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰিলে কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ

author-image
Asomiya Pratidin
New Update
বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ  মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰিলে কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ

ডিজিটেল সংবাদ,গোলাঘাট: বৃহস্পতিবাৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ভাৰতীয় সংবিধানৰ ৩৪২ (ক) অনুচ্ছেদৰ জৰিয়তে কলিতা সকলক অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰি ২৪৪ (২) আৰু ২৭৫ (১) অনুচ্ছেদৰ ভিত্তিত ষষ্ঠ অনুসূচীভুক্ত কৰাৰ বাবে আগন্তুক বাজেট অধিৱেশনত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Advertisment

লগতে মিচন ভূমিপুত্ৰৰ অধীনত অসম চৰকাৰে প্ৰদান কৰা জাতিগত প্ৰমান পত্ৰ কলিতা সকলকো কলিতা জনগোষ্ঠীৰ লোক হিচাপে দিয়াৰ ব্যৱস্থা কৰা, কলিতা সকলৰ জনজাতি নহোৱা পৰ্যন্ত কলিতা জনগোষ্ঠী শিক্ষাৰ্থীৰ বাবে সকলো শৈক্ষিক পাঠ্যক্ৰমতে ২০ % শতাংশ আসন সমৰক্ষণৰ ব্যৱস্থা কৰা আদি দাবী জনায়।

লগতে কলিতা সকলৰ জনজাতি নোহোৱা পৰ্যন্ত কলিতা জনগোষ্ঠীৰ নিবনুৱা যুৱক যুৱতী সকলৰ বাবে নিযুক্তি পৰীক্ষাত ২০ শতাংশ বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা, পণ্ডিত বাণীকান্ত কাকতি নামত কলিতা জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলক জলপাণি দিয়াৰ ব্যৱস্থা কৰা,অতিশীঘ্ৰে গুৱাহাটী দিঘলীপুখুৰীৰ পাৰত ৰজা বীৰ ভগদত্তৰ প্ৰতিমুৰ্ত্তি স্থাপন কৰা, আৰু অবিভক্ত কামৰূপ জিলা আৰু দৰং জিলাৰ অংশক লৈ প্ৰাগজ্যোতিষপুৰ নামেৰে স্বায়ত্ত পৰিষদ ঘোষণা কৰা , আদি কেইবাটাও দাবী সন্মিলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

পাছত জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰণ্টু দত্তই সংবাদ মাধ্যমৰ আগত কয় যে আমি মুখ্যমন্ত্ৰীক আমাৰ দাবী সমূহ বিবেচনা কৰিবলৈ আবেদন জনাইছো। অন্যথা গোলাঘাট জিলাৰ প্ৰতিটো স্থানতে গনতান্ত্ৰিক প্ৰতিবাদ গঢি তোলা হ’ব বুলিও তেওঁ হুকাংৰ দিয়ে।

ইয়াৰ উপৰিও কলিতা জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি যি সকলে শাসনাধিষ্ঠ চৰকাৰ খনত মন্ত্ৰী,বিধায়কৰ দৰে আসনত থাকিও জাতিটোক আওকান কৰি আহিছে । তেওঁলোককো দাবী সমূহৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাই কলিতা ছাত্ৰ নেতাজনে আৰু কয় যে ইয়াকে নকৰিলে সময়ত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব । সজাতী দলটোত সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাজেশ তালুকদাৰ,সদস্য বিপ্লৱ দত্ত,হেমন্ত কলিতা,অভিনাশ দত্ত,অনিকেশ দত্ত আৰু ,যুগল মেধিয়েও অংশগ্ৰহণ কৰে।

Also Read: সপোনৰ ঘৰখনৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে, মৃতদেহ হৈ উভতিল বিএছএফ জোৱান গকুল

himanta biswa sarma