/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/eda53a24-0e65-46e1-acdb-df1893b1f150/vbhhh.jpg)
ডিজিটেল সংবাদ, চিৰাং : উৰিষ্যাত কৰ্তব্যৰত অৱস্থাত চিৰাঙৰ কাকাৰাগাঁৱৰ এজন বিএছএফ জোৱান গকুল সিংহৰ আকস্মিক মৃত্যু হয়। বৃহস্পতিবাৰে মৃতদেহ বাসগৃহত লৈ অহাৰ পিছত বৃহত্তৰ কাকাৰাগাঁও এলেকাত শোকৰ ছাঁ নামি পৰে ।
চিৰাং জিলাৰ কাজলগাঁও থানাৰ নীলিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাকাৰাগাঁৱৰ বাসিন্দা লজেন সিংহৰ কণিষ্ঠ পুত্ৰ গকুল সিংহ মাত্ৰ ৩৩ বছৰ বয়সত উৰিষ্যাৰ কোৰাপুট শিৱিৰত কৰ্তব্যৰত অবস্থাত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল । আজি পুৱাৰ ভাগত সীমান্ত সুৰক্ষা বাহিনীৰ তত্ত্বাৱধানত প্ৰয়াত গকুল সিংহৰ মৃতদেহ গুৱাহাটী বিমানবন্দৰৰ পৰা প্ৰথমে চিৰাং জিলা সদৰ কাজলগাঁৱত লৈ যোৱা হয় তাৰপিছত স্থানীয় আৰক্ষীৰ সহযোগত কাকাৰাগাঁও স্থিত বাসগৃহ অনাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ।
সৰুতে আৰ্থিক দৈন্যতাৰ মাজত ডাঙৰ দীঘল হোৱা গকুল সিংহই ২০১১ চনত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফত যোগদান কৰিছিল । তাৰ পিছত ওচৰ গাঁৱৰে যুৱতী বিউটি সিংহৰ সৈতে প্ৰথমে প্ৰেম আৰু পিছত সামাজিক ভাৱে বিবাহ সম্পন্ন কৰিছিল । গকুল আৰু বিউটিৰ সুখৰ সংসাৰত জন্ম গ্ৰহণ কৰিছিল এটি কণমানি কন্যা সন্তান । নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল এটি সপোনৰ বাসগৃহৰ । প্ৰায় ৯০ শতাংশ কাম সম্পন্ন হৈছিল। এইবেলি ছুটিত আহি বাকী কামখিনি সম্পন্ন কৰি গৃহপ্ৰৱেশ কৰা কথা আছিল।
কিন্তু আজি দুৰ্ভাগ্যজনক ভাৱে গকুল সিংহৰ সেই সপোনৰ বাসগৃহত তেওঁৰ কফিনবন্দী নিথৰ দেহ প্ৰৱেশ কৰোৱা দেখি পৰিয়ালৰ সদস্য সকলৰ লগতে উপস্থিত প্ৰতিজন লোকৰে চকু সেমেকি উঠে । বিশেষকৈ প্ৰয়াত গকুল সিংহৰ মৃতদেহৰ হাত ধৰি পত্নী বিউটী সিংহৰ শোক বিহ্বল ক্ৰন্দনে পৰিৱেশ অধিক শোকাকুল কৰি তোলে ।তাৰ পিছত কাকাৰাগাঁও জনকল্যাণ লাইব্ৰেৰী আৰু ক্লাৱ চৌহদত প্ৰয়াত বিএছএফ জোৱান গকুল সিংহৰ ৰাজহুৱা ভাৱে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ ব্যৱস্থা কৰা হয় ।
বৃহত্তৰ কাকাৰাগাঁও অঞ্চলৰ সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত ধুৱৰী জিলাৰ পানবাৰী স্থিত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ ৩১ নং বেটেলিয়ানৰ এটা দলে বিকুল বজাই সমৱেত ভাৱে শূণ্যলৈ তিনিজাঁই গুলী নিক্ষেপ কৰি সামৰিক চালামি জনায় আৰু প্ৰয়াত গকুল সিংহৰ মৃতদেহৰ সৈতে মেৰিয়াই অনা জাতীয় পতাকাখন বিএছএফ ফালৰ পৰা পৰিয়ালৰ লোকক অৰ্পন কৰে ।
উল্লেখ্য যে উক্ত স্থানতে প্ৰয়াত গকুল সিংহৰ মৃতদেহত স্থানীয় ৰাইজৰ উপৰি চিৰাং জিলা আৰক্ষী ফালৰ পৰা পুষ্প স্তৱকেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। তাৰ পিছত বিএছএফ ৰ বাহনত মৃতদেহ তুলি কানিভূৰ নৈৰ পাৰত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । বিএছএফ ত চাকৰি পোৱাৰ আগতে পৰা বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকা বিএছএফ জোৱান গকুল সিংহৰ আকস্মিক মৃত্যুই সমগ্ৰ কাকাৰাগাঁৱত গভীৰ শোকৰ ছাঁ নামি পৰিছে । ২০১১ চনত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফত যোগদান কৰা গকুল সিংহই মৃত্যুৰ সময়ত পিতৃ, পত্নী, আঠ বছৰীয়া একমাত্ৰ কন্যা আৰু দুই ককায়েক সংসাৰত এৰি থৈ যায় ।
Also Read: মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে, মই জে’লৰ পৰা ওলাই পুনৰ চিকিৎসা সেৱা কৰিম: সংগীতা দত্ত
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us