/asomiyapratidin/media/media_files/2025/04/26/XX9LPHBnRKWOVKMmNQUJ.jpg)
ডিজিটেল ডেস্কঃ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে মুঠ চাৰিটা দাবীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে প্ৰেৰণ কৰা এই স্মাৰক পত্ৰত মাজুলীত সতী ৰাধিকাৰ নামত বিশ্ববিদ্যালয়, বটদ্ৰৱাৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত উন্নয়ন, প্ৰতিখন জিলাত সতী ৰাধিকা আৰু বাবা চাহেব আম্বেদকাৰৰ আৱক্ষ মূৰ্তি নিৰ্মাণকে ধৰি মুঠ ৪ টা দাবী উত্থাপন কৰিছে।
স্মাৰক পত্ৰৰ সংগঠনটোৱে মুখ্যমন্ত্ৰীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই লিখিছে, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ তৰফৰ পৰা অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ ওলগ যাচিছো। লগতে আপোনাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিছো। এই স্মাৰক পত্ৰ যোগে আপোনাক নিম্নিলিখিত দাবী কেইটা উত্থাপন কৰিছো।
১) মাজুলীত থকা ১০০ বিঘা মাটিত আই সতী ৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰক।
২) আই সতী ৰাধিকাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ ঐতিহাসিক সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ উন্নয়ন কৰিবলৈ ৫০ কোটি টকাৰ অনুদান ঘোষণা কৰক।
৩) প্ৰতিখন জিলাৰ সদৰত আই সতী ৰাধিকা আৰু সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ আৱক্ষ মূৰ্তি স্থাপন কৰক।
৪) গুৱাহাটীত পাৰ্ক, মিউজিয়াম, প্ৰেক্ষাগৃহ, অতিথিগৃহ, একেলগে ঠাইতে স্থাপন কৰা এক সংহত প্ৰকল্পৰ নাম সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ নামত নামকৰণ কৰক।