ঢকুৱাখনা ব্লক কংগ্ৰেছ সভাপতিক অপসাৰণৰ দাবীত স্মাৰক পত্ৰ...

ঢকুৱাখনা ব্লক কংগ্ৰেছ সভাপতিক অপসাৰণৰ দাবীত স্মাৰক পত্ৰ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা ব্লক কংগ্ৰেছ সভাপতিক অপসাৰণৰ দাবীত স্মাৰক পত্ৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলা কংগ্ৰেছ সমিতিৰ অন্তৰ্গত ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিত দলীয় অন্তঃকলহৰ উকমুকণি ঘটিছে । ঢকুৱাখনা বিধানসভা সমষ্টিতোৰ মুখ্য কাৰ্যালয় স্বৰূপ ঢকুৱাখনা ব্লক কংগ্ৰেছৰ মজিয়াত দীৰ্ঘদিন ধৰি অব্যাহত থকা দলীয় বিসম্বাদৰ বৰ্হি প্ৰকাশ ঘটা পৰিলক্ষিত হৈছে । ব্লক কংগ্ৰেছৰ সভাপতি কেন্দ্ৰিক উদ্ভৱ হোৱা ক্ষোভ অসন্তুষ্টিৰ পৰিণতি হিচাবে একাংশ দলীয় নেতা কৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি , সাধাৰণ সম্পাদক , তত্বাবধায়ক ,জিলা কংগ্ৰেছৰ সভাপতি সকলোকে অভিযোগ পত্ৰ প্ৰদান কৰি সভাপতিৰ  বিৰুদ্ধে পঞ্জীভূত ক্ষোভ উজাৰিছে ।

Advertisment

শেহতীয়া ভাবে বৰ্তমানৰ ব্লক সভাপতি তৰুণ চেতিয়াৰ বিৰুদ্ধে বহু কেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰি জিলা কংগ্ৰেছত লিখিত  অভিযোগ দাখিল কৰিছে একাংশ নেতাই । সভাপতি গৰাকীয়ে একেৰাহে ৭টা বছৰ কাৰ্যকাল সভাপতিৰ চকীত বহি মইমতালিৰে দলটো পৰিচালনা কৰাৰ লগতে বহু গুৰুতৰ লিখিত অভিযোগ উত্থাপন কৰি স্মাৰক পত্ৰ দাখিল কৰিছে ।

দলৰ গৰিষ্ঠ সংখ্যক নিষ্ঠাবান বিষয়ববীয়াই জিলা কংগ্ৰেছৰ সভাপতি সমন্বিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ,সম্পাদকলৈ এই অভিযোগ প্ৰেৰণ কৰি আগত পঞ্চায়ত নিৰ্বাচনত দলৰ সফলতা অর্জনৰ স্বাৰ্থত শীঘ্ৰেই চেতিয়াক সভাপতিৰ পদৰ পৰা অপসাৰণ কৰি এগৰাকী সৰ্বসন্মত আৰু দলৰ প্ৰতি আনুগত্যশীল নিকা ব্যক্তিক সভাপতি হিচাবে নিযুক্তি দিয়াৰ আহ্বান জনাইছে ।

ইতিপূৰ্বে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক নেতা কৰ্মীয়ে একে অভিযোগ উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু জিলা কংগ্ৰেছৰ সভাপতিলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল ।কিন্তু দলীয় শীর্ষ নেতৃত্বই উক্ত অভিযোগলৈ কৰ্ণপাত নকৰাত অতিষ্ঠ নেতা কৰ্মী সকলে অন্তিম পুনৰ ২৮ ছেপ্টেম্বৰত এই অভিযোগ প্ৰদান কৰিছে । ক্ষুব্ধ নেতৃবৃন্দই জনোৱা মতে যদি এইবাৰো দলটোক জনমুখী আৰু উজ্জীবিত কৰাৰ স্বাৰ্থত শীর্ষ নেতৃত্বই এই স্পৰ্শকাতৰ বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰে তেন্তে দলৰ মজিয়াত মুকলি বিদ্ৰোহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ বাবে শীর্ষ মহলেই জগৰীয়া হব ।

Also Read: ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত অভিজ্ঞান বৰাৰ সোণ..

ঢকুৱাখনা