/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6507f5ac-b9c1-4935-bcb3-a1ae023d9104/chor.jpg)
ডিজিটেল সংবাদ, দুমুনিচকীঃ সহস্ৰাধিক কৰ্মচাৰীক দৰমহাৰ পৰা বঞ্চিত কৰি নিশাটোৰ ভিতৰতে বাইহাটা চাৰিআলিৰ পৰা কাৰ্যালয়ৰ আচবাব লৈ পলায়ন কৰা এ বি এম এগ্ৰী ইন্দাষ্ট্ৰী এণ্ড ৰিচাৰ্ছ প্ৰাইভেট লিমিটেডৰ চি এম ডি মেহদি আলম চৌধুৰীক আটক। শনিবাৰে বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চক মেহদিক।
জানিব পৰা মতে বাইহাটা চাৰিআলিৰ পৰা নিশাটোৰ ভিতৰতে পলায়ন কৰাৰ পাছত দৰং জিলাৰ মাৰৈত এটা কাৰ্যালয় চলাই প্ৰৱঞ্চনাৰ জাল পাতিছিল প্ৰৱঞ্চক মেহদিয়ে।অভিযোগ যে দীৰ্ঘদিন ধৰি সহস্ৰাধিক কৰ্মচাৰীক দৰমহা আদায় দিয়া নাছিল মেহদি আলম চৌধুৰীয়ে।
যোৱা ২১ এপ্ৰিলত ইন্তাজুল নামৰ এজন কৰ্মচাৰীক দৰমহাৰ দিম বুলি মাতি নি দুৱাৰ বন্ধ কৰি লৈ মেহদি আলম চৌধুৰীয়ে উপৰ্যুপৰি প্ৰহাৰ কৰে বুলি জনায়। ইয়াৰ পূৰ্বে এ বি এম এগ্ৰী ইন্দাষ্ট্ৰী এণ্ড ৰিচাৰ্ছ প্ৰাইভেট লিমিটেডৰ এখন চেক প্ৰদান কৰিছিল যদিও উক্ত একাউণ্টত পৰ্যাপ্ত ধন নাছিল বুলি ভুক্তভোগীৰ উল্লেখ।
এনে কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ ভুক্তভোগী যুৱকজনে বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে প্ৰৱঞ্চক চি এম ডি মেহদি আলম চৌধুৰীৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষী থানাত পূৰ্বেও বিভিন্ন অভিযোগ দাখিল হৈ আছে বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/295c67d6-f231-4476-9615-61b6dd3c2409/f73223b2_be95_4be5_985c_0e386891d239.jpg)
Also Read: ICSSR ৰ পৃষ্ঠপোষকতাত গুৱাহাটী বিশ্ববিদ্যালয়ত মন কি বাত সন্দৰ্ভত আলোচনা চক্ৰ...