ICSSR ৰ পৃষ্ঠপোষকতাত গুৱাহাটী বিশ্ববিদ্যালয়ত মন কি বাত সন্দৰ্ভত আলোচনা চক্ৰ...

শনিবাৰে ফনীধৰ দত্ত প্ৰেক্ষাগৃহত শীৰ্ষক এদিনীয়া আলোচনা চক্ৰখনি অনুষ্ঠিত হয়
ICSSR ৰ পৃষ্ঠপোষকতাত গুৱাহাটী বিশ্ববিদ্যালয়ত মন কি বাত সন্দৰ্ভত আলোচনা চক্ৰ...

ডিজিটেল ডেস্কঃ ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদ (ICSSR)ৰ পৃষ্ঠপোষকতাত গুৱাহাটী বিশ্ববিদ্যালয়ত "Reaching Out to the Periphery : PM's Mann ki Baat and its Impact on North East India" বিষয়ত আলোচনা চক্ৰ। শনিবাৰে ফনীধৰ দত্ত প্ৰেক্ষাগৃহত শীৰ্ষক এদিনীয়া আলোচনা চক্ৰখনি অনুষ্ঠিত হয়।

আলোচনা চক্ৰৰ উদ্বোধনী ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে। প্ৰধানমন্ত্ৰীয়ে ৰেডিঅ’ৰ জৰিয়তে কৰা 'মন কি বাত' অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলত কি প্ৰভাৱ পেলাইছে তাৰ শৈক্ষিক বিশ্লেষণৰ বাবে বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপক তেওঁ শলাগ লয়।

তেওঁ 'মন কি বাত' অনুষ্ঠানটিৰ সম্পৰ্কে দীঘলীয়া ভাষণ দি ইয়াৰ বিভিন্ন ইতিবাচক দিশসমূহ আঙুলিয়াই দিয়ে। অসম চৰকাৰৰ শৈক্ষিক উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই সন্মানীয় অতিথি হিচাপে এই অনুষ্ঠানৰ শোভা বঢ়ায়। উত্তৰ-পূৰ্বাঞ্চল এতিয়া ভাৰতৰ মূল শক্তিকেন্দ্ৰৰ পৰা দূৰত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ জনকল্পনাত অঞ্চলটোক মূলসুঁতিলৈ অনাৰ ক্ষেত্ৰত 'মন কি বাতে' গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

এই আলোচনাচক্ৰত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বাৰা "Mann Ki Baat and North East India" বিষয়ক GUINEIS আলোচনীৰ এটা বিশেষ সংখ্যা প্ৰকাশ কৰা হয় আৰু সংখ্যাটিৰ সম্পাদিকা সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা সুদেষ্না ভট্টাচাৰ্য এই অনুষ্ঠানটিত উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা 'মন কি বাত আৰু উত্তৰপূব ভাৰত' প্ৰকল্পটিৰ প্ৰধান অনুসন্ধানকাৰী অধ্যাপক ধ্ৰুব প্ৰতিম শৰ্মাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক তথা প্ৰকল্পটিৰ উপ-অনুসন্ধানকাৰী ড° বিকাশ ত্ৰিপাঠী আৰু মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপিকা নন্দিতা শইকীয়াই আলোচনা চক্ৰৰ বিষয়ত বিষয়পত্ৰ উপস্থাপন কৰে।

আলোচনা চক্ৰখনিৰ শলাগৰ শৰাই আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথে। এই অনুষ্ঠানটিত বিশ্ববিদ্যালয়খনৰ শিক্ষাবিদ, গৱেষক , ছাত্ৰ-ছাত্ৰী তথা প্ৰশাসনিক কৰ্মচাৰী ইত্যাদিয়ে অংশগ্ৰহণ কৰে।

ICSSR ৰ পৃষ্ঠপোষকতাত গুৱাহাটী বিশ্ববিদ্যালয়ত মন কি বাত সন্দৰ্ভত আলোচনা চক্ৰ...
ইন্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হ'ল ডিব্ৰুগড়ৰ সঞ্জয় দাসৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in