/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b83a28be-c813-4931-99d5-cb3a2f3d50c4/hemokosh_cotton.jpg)
ডিজিটেল ডেস্ক : প্ৰথমখনি অসমীয়া অভিধান হেমকোষৰ ব্ৰেইলী সংস্কৰণ চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত উন্মোচন কৰা হৈছিল নেত্ৰশক্তিহীন শিক্ষাৰ্থী সকলৰ বাবে । এই অভিধান আছিল সমগ্ৰ দক্ষিণ-পূৱ এছিয়াৰ প্ৰথমখনি সম্পূৰ্ণ ব্ৰেইলী অভিধান । প্ৰায় ১ লাখ শব্দ সন্নিৱিষ্ট হোৱা এই ব্ৰেইলী অভিধানখন ইতিমধ্যে ৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তৰ নেত্ৰশক্তিহীন শিক্ষাৰ্থীৰ বাবে থকা শিক্ষানুষ্ঠানক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/24cadc65-9e39-4148-a7fc-96674c0c5228/WhatsApp_Image_2022_12_26_at_5_50_58_PM.jpeg)
২৬ ডিছেম্বৰ, সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ ড০ সূৰ্যকুমাৰ ভূঞা গ্ৰন্থাগাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অভিধানখনৰ গোটেই কেইটা খণ্ড মুকলি কৰা হয় শিক্ষানুষ্ঠান খনৰ নেত্ৰশক্তিহীন শিক্ষাৰ্থী সকলৰ বাবে । ইয়াৰ ওপৰিও কেৱল শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ বাবেই নহয় বৰং ৰাজ্যৰ অন্য প্ৰান্তৰ শিক্ষাৰ্থী সকলৰ বাবেও এই অভিধানখন উপলব্ধ বুলিও উল্লেখ কৰে ভাৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক তথা অধ্যাপক ড০ সুৰেশ নাথে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/954578ba-5f72-4e3e-8505-8b4d5001611c/WhatsApp_Image_2022_12_26_at_5_51_12_PM.jpeg)
ড০ সুৰেশ নাথেই আঁত ধৰা এই সভাখনিত উপস্থিত থাকে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকা, শৈক্ষিক পঞ্জীয়ক ড০ সঞ্জয় কুমাৰ দত্ত তথা অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত ।
ইয়াৰ ওপৰিও ফ'ৰাম ফ'ৰ ডিজেবল পাৰ্ছনৰ তৰফৰ পৰা উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰে ছাত্ৰ ঋতুৰাজৰ সৈতে আন বহু কেইজন নেত্ৰশক্তিহীন শিক্ষাৰ্থী তথা বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আলোচনী সম্পাদককে ধৰি আন বহু কেইজন ছাত্ৰ-ছাত্ৰী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f2b3d413-ea01-4547-b01e-d40e0b4f110d/WhatsApp_Image_2022_12_26_at_5_51_14_PM.jpeg)
সভাখনৰ আৰম্ভণিতেই ভাৰপ্ৰাপ্ত গ্ৰন্থগাৰিক ড০ সুৰেশ নাথে সাদিন-প্ৰতিদিন গোষ্ঠীৰ এই পদক্ষেপক ধন্যবাদ জনাই ভৱিষ্যত প্ৰজন্মৰ নেত্ৰশক্তিহীন শিক্ষাৰ্থী সকলক এই অভিধান খনে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত আৰু অধিক সহায় কৰিব বুলি মন্তব্য কৰে । ইয়াৰ ওপৰিও কেৱল নিজৰ শিক্ষানুষ্ঠান খনৰেই নহয় বৰং ৰাজ্যৰ সকলো শিক্ষাৰ্থীৰ বাবে এই অভিধানখনৰ বাবে গ্ৰন্থাগাৰৰ দুৱাৰ সদায় মুকলি বুলিও জনায় অধ্যাপক গৰাকীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/14e81b04-24f1-4161-ac9a-dba0f4e6ae68/WhatsApp_Image_2022_12_26_at_5_51_06_PM.jpeg)
ভাৰপ্ৰাপ্ত গৱেষক গৰাকীৰ এই সৌহাদ্যপূৰ্ণ বক্তব্যৰ পাছতেই সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই উল্লেখ কৰে বিগত ৪ টা প্ৰজন্ম ধৰি অব্যাহত ৰখা হেমকোষৰ যাত্ৰাৰ বিষয়ে । কিদৰে অসমীয়া ভাষাক বঙালী ভাষাৰ আগ্ৰাসনৰ পৰা উদ্ধাৰ কৰি সেই সময়ৰ প্ৰশাসন ব্ৰিটিছক অসমীয়া যে এটা স্বয়ংসম্পূৰ্ণ ভাষা সেইয়া পতিয়ন নিয়াব লগীয়া হৈছিল এই অভিধানখনৰ জৰিয়তে । ইয়াৰ ওপৰিও প্ৰথম সংস্কৰণ পৰা বৰ্তমানলৈকে কৰা সংশোধনৰ পৰ্যায়লৈকে এই অভিধান খনিৰ সৈতে জড়িত হৈ আছিল জয়ন্ত বৰুৱা । তেখেতৰেই অভিধানখনৰ ব্ৰেইলী সংস্কৰণৰ এই দীৰ্ঘদিনীয়া সপোনক বাস্তৱলৈ ৰূপায়ন কৰাত তেখেতক সহায়ৰ হাত আগবঢ়োৱা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে জয়ন্ত বৰুৱাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8c1149a2-1caf-49eb-8f21-000ad19fad1e/WhatsApp_Image_2022_12_26_at_5_51_07_PM.jpeg)
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ ৰমেশ চন্দ্ৰ ডেকাই সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ একান্ত প্ৰচেষ্টাত সম্পন্ন হোৱা এই ব্যয়বহুল কাৰ্যই অসমৰ জাতীয় জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বুলি মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/63165faa-df82-477d-9da6-78413ad11351/WhatsApp_Image_2022_12_26_at_5_51_04_PM.jpeg)
আনহাতে, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই তেখেতৰ চমু বক্তব্যত কয় যে, যিদৰে শিশু এটিক সমৃদ্ধ কৰে মাতৃৰ স্পৰ্শই, ঠিক সেইদৰেই তেখেত আশাবাদী যে, নেত্ৰশক্তিহীন শিক্ষাৰ্থীসকলক সমৃদ্ধ কৰিব এই হেমকোষৰ ব্ৰেইলী সংস্কৰণে ।
ইয়াৰ ওপৰিও কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক গৰাকীয়ে মন্তব্য প্ৰদান কৰে যে আধুনিক অসমৰ ভেঁটি গঢ়োতা ৰূপে মূলত: দুটা কাৰকে প্ৰভাৱ পেলাইছিল আৰু সেই দুটা আছিল অসমত উচ্চ শিক্ষাৰ বাবে নিৰ্মাণ কৰা কটন মহাবিদ্যালয় আৰু অসমীয়া ভাষাৰ পৰিকাঠামো হৈ ৰোৱা হেমকোষ অভিধানখন ।
এই সভাতেই ফ'ৰাম ফ'ৰ ডিজেবল পাৰ্ছনৰ নেতৃত্বত উপস্থিত থকা ঋতুৰাজেও এই পদক্ষেপৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে ।
সৰ্বশেষত কটন বিশ্ববিদ্যালয়ে নেত্ৰশক্তিহীন শিক্ষাৰ্থী সকলৰ বাবে উপলব্ধ সা-সুবিধা আৰু সজুলি সমূহৰ এক প্ৰদৰ্শনীমূলক উপস্থাপন কৰি সভাত উপস্থিতবৃন্দক সেই সজুঁলি সমুহৰ ব্যৱহাৰ আৰু উদ্দেশ্য ব্যাখ্যা কৰে ।
আৰু পঢ়ক : সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত বৰদিন উপলক্ষে সাহায্য বিতৰণ...