সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভা...

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভা...
সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভা...

ডিজিটেল সংবাদ বিহালীঃ সমস্ত বকেয়া মাননি আদায়, বছৰৰ ১২ মাহৰ বাবেই মাননি প্রদান, কাম হেৰুৱা ৰন্ধনকর্মীক এককালীন ৩ লাখ টকা সাহায্য প্ৰদান, কর্মস্থলীত আঘাতপ্রাপ্ত ৰন্ধনকর্মীক চিকিৎসা সাহাৰ্য প্রদান, ন্যূনতম মজুৰি আইনৰ ভিত্তিত ১০ হাজাৰ টকা মাননি ধার্য কৰাৰ লগতে মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণৰ প্ৰচেষ্টা বন্ধ কৰাৰ দাবীত ৰাজ্যজোৰা আন্দোলন কার্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি আজি বিশ্বনাথ চাৰিআলিত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিনয়ৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত ইউনিয়নৰ জিলা সভানেত্ৰী কমৰেড মৰমী বৰাৰ পৰিচালনাত এখনি সভা অনুষ্ঠিত হৈ যায়৷

সভাৰ আৰম্ভণিতে কমৰেড পূৰ্ণিমা শইকীয়াৰ স্ব-ৰচিত গীত পৰিবেশনৰ মাজেৰে সভাখন আৰম্ভ কৰা হয় ৷ সভাৰ বিষয় বস্তু ইউনিয়নৰ কাৰ্যকৰী সভাপতি কমৰেড গংগা পৰাজুলিয়ে উত্থাপন কৰে৷

উক্ত সভাত চিটুৰ বিশ্বনাথ কমিটিৰ সম্পাদক কমৰেড ধীৰেণ ভূমিজ আৰু চিটুৰ ৰাজ্যিক নেতা কমৰেড দীনেশ নায়কে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰে আৰু সকলো শ্ৰমিকক একগোট হৈ আন্দোলনমূখী পথ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ সভাত ইউনিয়নৰ জিলা সম্পাদিকা কমৰেড সৰলা সোনা আৰু শিৱনাথ তাঁতী উপস্থিত থাকে৷

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সভা...
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰীকাৰঃ ভূপেন বৰালৈ বেদনা সিক্ত কবিতা লিখাৰ আহ্বান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in