আজি পবিত্ৰ মে-ডাম-মে-ফিঃ পূজা অৰ্চনাৰে টাই আহোমসকলে পূৰ্বপুৰুষক জনাব শ্ৰদ্ধা

উপৰিপুৰুষৰ পূজা টাই আহোমসকলৰ এক পৰম্পৰা। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
আজি মে ডাম মে ফী…

ডিজিটেল ডেস্কঃ উপৰিপুৰুষৰ পূজা টাই আহোমসকলৰ এক পৰম্পৰা। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে। এনে এক পৰম্পৰাই হৈছে মে-ডাম-মে-ফী। টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক সমূহীয়কৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে।

Advertisment

এই উৎসৱতআহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়।

মে-ডাম-মে-ফিৰ অৰ্থ হ'ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ'ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক তাঈ আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।

Also Read: সুললিত কণ্ঠৰ অধিকাৰী অংকুৰিতা বৰাৰ বিয়োগ : জুবিন গাৰ্গৰ শোক প্ৰকাশ