সুললিত কণ্ঠৰ অধিকাৰী অংকুৰিতা বৰাৰ বিয়োগ : জুবিন গাৰ্গৰ শোক প্ৰকাশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ শিশু শিল্পী অংকুৰিতাৰ বিয়োগত ম্ৰিয়মান হৈ পৰে জুবিন গাৰ্গ

author-image
Asomiya Pratidin
New Update
সুললিত কণ্ঠৰ অধিকাৰী অংকুৰিতা বৰাৰ বিয়োগ : জুবিন গাৰ্গৰ শোক প্ৰকাশ

ডিজিটেল ডেস্ক : প্ৰতিভাৱান গায়িকা তথা সুললিত কণ্ঠৰ অধিকাৰী অংকুৰিতা বৰাৰ আকস্মিক বিয়োগ ঘটে। মঙলবাৰে চিকিৎসাধীন অৱস্থাতে অংকুৰিতা বৰাই শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী।

Advertisment

নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে সংগীতৰ জৰিয়তে আকৰ্ষণ কৰিছিল অজস্ৰ জনক। জানিব পৰামতে, ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল শিল্পী অংকুৰিতা। শেহতীয়াকৈ এক অস্ত্ৰোপচাৰো সম্পন্ন হৈছিল ছাত্ৰীগৰাকীৰ।

মেধাসম্পন্ন ছাত্ৰীগৰাকীৰ বিয়োগৰ খবৰ লাভ কৰিয়েই তাৎক্ষণিকভাৱে হাস্পতালত উপস্থিত হয় জুবিন গাৰ্গ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ শিশু শিল্পী অংকুৰিতাৰ বিয়োগত ম্ৰিয়মান হৈ পৰে জুবিন গাৰ্গ। অকাল মৃত্যুক আঁকোৱালি লোৱা ছাত্ৰীগৰাকীৰ ঘৰ গুৱাহাটীৰ দতালপাৰাত।

Also Read: জামুগুৰিহাটৰ অৱসৰী প্ৰধান শিক্ষক মিন্টু কটকীক বিদায় সম্বৰ্দ্ধনা

zubeen garg