/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2d9c7eb5-c19c-4ea8-97fb-8df426c02c45/me.jpg)
মূলা গাভৰু মৈদামত মে- ডাম মে -ফী উদযাপন
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ সমগ্ৰ অসমৰ লগতে জামুগুৰিহাটৰ সমীপৰ চতিয়াতো বৃহত্তৰ চতিয়া ঐতিহাসিক সমল সুৰক্ষা কমিটিৰ উদোগত আহোমসকলৰ পূৰ্বপুৰুষক শ্ৰদ্ধাঞ্জলি নিবেদনৰে মে- ডাম মে-ফি পালন কৰা হয়। চতিয়াৰ চলাহোলাত থকা মূলা গাভৰু মৈদামত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় মে-ডাম মে -ফী।
পুৱা মে-ডাম-মে ফি উপলক্ষে আহোমসকলৰ পূৰ্বপুৰুষসকলৰ লগতে ইষ্ট দেৱতাসকলক সোঁৱৰণ কৰি প্ৰাৰ্থনা কৰাৰ পাছত দিনৰ প্ৰায় ১২বজাত অনুষ্ঠিত হয় ৰাজহুৱা সভাত। উক্ত সভাতে চতিয়াৰ চলাহোলাত থকা মূলা গাভৰু মৌদামক সংৰক্ষণ কৰি চৰকাৰে পৰ্য্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ দাবী জনায়।
উল্লেখ্য যে চতিয়াৰ চলাহোলাতেই বীৰাংগণা মূলা গাভৰুক সমাধিস্থ কৰা হৈছিল বুলি দাবী কৰি এই মৈদামক চৰকাৰী ভাৱে মূলা গাভৰুৰ মৈদাম হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি চতিয়া ঐতিহাসিক সুৰক্ষা কমিটিয়ে দাবী জনাই আহিছে। অনুষ্ঠানটিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাইও অংশগ্ৰহণ কৰি মূলা গাভৰু মৈদাম সংৰক্ষণ পোষকতা কৰে ৷
আৰু পঢ়কঃ উদীয়মান যুৱক হৰগোৱিন্দ নাথৰ মৃত্যু