উদীয়মান যুৱক হৰগোৱিন্দ নাথৰ মৃত্যু

উদীয়মান যুৱক হৰগোৱিন্দ নাথৰ মৃত্যু

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ থানাৰ অন্তৰ্গত ভূটীয়াপাৰাৰ উদীয়মান যুৱক হৰগোৱিন্দ নাথ(২৩) সোমবাৰে নিশা দুৰ্ঘটনাগ্ৰস্থ হৈ অকাল মৃত্যুক সাৱটি লোৱাত অঞ্চলটোত গভীৰ ছাঁ পৰিছে । সোমবাৰে নিশা প্ৰায় ১১:০০ বজাত কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত এগৰাকী বন্ধুক থবলৈ গৈ উভতি আহোতে বালাগাঁওৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ওচৰত হৰগোৱিন্দ নাথে চলাই অহা স্কুটিখন (এ এচ ১৯পি , ৩৩৫৮) দুৰ্ঘটনাত পতিত হয়।

ফলত হৰগোৱিন্দ গুৰুতৰভাৱে আহত হয় । মূলত: বিদ্যুতৰ পকী খুঁটাত খুন্দা মৰাৰ পৰিণতিতে হৰগোৱিন্দ নাথ মূৰত গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে নিশাই হৰগোৱিন্দ নাথক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায়।

আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও হৰগোৱিন্দ নাথৰ গুৰুতৰ অৱস্থালৈ চাই পৰিয়ালৰ লোকে বঙাইগাঁওৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে । অৱশেষত মৃত্যুৰ সতে সতে যুঁজি যুঁজি আজি ৰাতিপুৱা ৭:৩০ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

মৰণোত্তোৰ পৰীক্ষাৰ অন্তত বিয়লি হৰগোৱিন্দ নাথৰ নশ্বৰদেহ ভূটীয়াপাৰাৰ স্বগৃহলৈ অনাত কেবা শতাধিক লোকে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বুলি জানিবলৈ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in