আজি মে-ডাম-মে-ফীঃ উপৰিপুৰুষক টাই আহোমে কৰিব স্মৰণ

টাই- আহোম জনগোষ্ঠীয় লোক সকলে উপৰিপুৰুষ সকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী পালন কৰি আহিছে।
আজি মে-ডাম-মে-ফীঃ উপৰিপুৰুষক টাই আহোমে কৰিব স্মৰণ

ডিজিটেল ডেস্ক: টাই- আহোম জনগোষ্ঠীয় লোক সকলে উপৰিপুৰুষ সকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী পালন কৰি আহিছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগোষ্ঠীয় লোকসকলে এই অনুষ্ঠান অনুষ্ঠিত কৰিব।

উজনি অসমৰ বিভিন্ন ঠাইত পৃথকে পৃথকে মে-ডাম-মে-ফী অনুষ্ঠিত কৰিব। টাপমত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই উৎসৱত আহোম সকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়।

মে-ডাম-মে-ফিৰ অৰ্থ হ'ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ'ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক টাই আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।

আৰু পঢ়ক: লামডিঙত নিশা আৰক্ষী অভিযান: ড্ৰাগছ সহ আটক হনুমান মন্দিৰ পূজাৰী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in