লামডিঙত নিশা আৰক্ষী অভিযান: ড্ৰাগছ সহ আটক হনুমান মন্দিৰ পূজাৰী

লামডিঙত নিশা আৰক্ষী অভিযান: ড্ৰাগছ সহ আটক হনুমান মন্দিৰ পূজাৰী

জানুৱাৰী-লামডিঙত এইবাৰ ড্ৰাগছ সৰবৰাহী ৰূপত মন্দিৰৰ পূজাৰী ৷ লামডিং সাধুকূটিৰ হনুমান মন্দিৰৰ পূজাৰী ড্ৰাগছ সৰবৰাকাৰী ৰূপত ৰঙা ঘৰৰ আলহি হ'লহি ৷

ডিজিটেল সংবাদ , লামডিং,: জানুৱাৰী-লামডিঙত এইবাৰ ড্ৰাগছ সৰবৰাহী ৰূপত মন্দিৰৰ পূজাৰী ৷ লামডিং সাধুকূটিৰ হনুমান মন্দিৰৰ পূজাৰী ড্ৰাগছ সৰবৰাকাৰী ৰূপত ৰঙা ঘৰৰ আলহি হ'লহি ৷ উল্লেখ যে লামডিং আৰক্ষীয়ে সোমবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল ৷

অভিযানত লামডিং ক্ৰচিং গেটৰ পৰা ড্ৰাগছসহ তিনিজনকৈ সৰবৰাহকাৰী আটক কৰে ৷

আটকাধীন সকল ক্ৰমে লামডিং হনুমান মন্দিৰ পূজাৰী সুভম উপাধ্যায় , ডবকাৰ আবুল কালাম আৰু মোৰাঝাৰৰ দিলবৰ হুছেইন ৷ তিনিজনৰ পৰা আৰক্ষীয়ে ২৩ টা প্লাষ্টিকৰ কন্টেনাৰত প্ৰায় ১৩.৪৩ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

লামডিঙত নিচাজাতীয় সামগ্ৰী এতিয়া ইমানে সুলভ হৈ পৰিছে যে হনুমান মন্দিৰৰ পূজাৰী সুভম উপাধ্যায় বিগত কেইমাহৰ পূৰ্ৱে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছে ৷ অভিযুক্ত সুভমক ড্ৰাগছৰ যোগান ধৰিছিল দুই সৰৱৰাহকাৰী আবুল কালাম আৰু দিলবৰ হুচেইনে ৷

লামডিং আৰক্ষীয়ে গোপন সূত্ৰে আজি তিনিওকে হাতে লুটে আটক কৰিবলৈ সক্ষম হয় ৷ ৰেল নগৰী লামডিঙখন ড্ৰাগছ মুক্ত কৰিবলৈ দিনে নিশাই লামডিঙ আৰক্ষী বিষয়া গৰাকীয়ে লামডিং চুকে কোনে অভিযান চলোৱা পৰিলক্ষিত হৈছে ৷

আৰু পঢ়ক: অনিল কলিতাৰ ছুইচাইড নোটত বিস্ফোৰক তথ্য, ৰাজেশ ঠাকুৰীয়াক জেললৈ প্ৰেৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in