মায়ঙত বালি মাফিয়াৰ গুণ্ডাৰাজ; মহিলাক আক্ৰমণ

গুৱাহাটীৰ পৰা ৰিং এটাৰ বাট দুৰত্বত অৱস্থিত পবিতৰা অভয়াৰণ্যৰ নিকটবৰ্তী মায়ঙৰ বহা ঠেংভঙাত সোমবাৰে এদল উন্মত্ত বালি মাফিয়াৰ আক্ৰমণত আঘাত প্ৰাপ্ত হয় কেইবাগৰাকীও মহিলা।

author-image
Asomiya Pratidin
New Update
মায়ঙত বালি মাফিয়াৰ গুণ্ডাৰাজ; মহিলাক আক্ৰমণ

ডিজিটেল সংবাদ, মায়ং: গুৱাহাটীৰ পৰা ৰিং এটাৰ বাট দুৰত্বত অৱস্থিত পবিতৰা অভয়াৰণ্যৰ নিকটবৰ্তী মায়ঙৰ বহা ঠেংভঙাত সোমবাৰে এদল উন্মত্ত বালি মাফিয়াৰ আক্ৰমণত আঘাত প্ৰাপ্ত হয় কেইবাগৰাকীও মহিলা।বালি মাফিয়াৰ দাদাগিৰি আৰু গুণ্ডাগিৰি ইমানেই দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে যে নৈ ৰ পাৰত অকলে কোনো যুৱতী মহিলা যাব নোৱাৰে।

Advertisment

অভিযোগ অনুসৰি নগাঁও বন সংমণ্ডল আৰু মৰিগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ইংগিতত চলি থকা অবৈধ বালিৰ মহল সমুহ আজি একাংশ  স্থানীয় মহিলাই বন্ধ কৰিবলৈ যাঁওতে নৈৰ পাৰতে যুদ্ধংদেহী  মনোভাৱ লৈ মহিলাৰ ওপৰত জপিয়াই পৰে বালি মাফিয়া।বালি মাফিয়া সুনিল বিশ্বাস আৰু সংগোপাংগো  সকলে ঠেলা গতা কৰে মহিলা সকলক।

তাৰ পাছতেই  উত্তেজিত  হৈ পৰে গাওঁখনৰ পুৰুষ মহিলা সকলো।ধন আৰু বাহু বলেৰে কলঙৰ বুকুত উচ্চ প্ৰাবল্যৰ মেচিন বহুৱাই বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা নেতা পালিনেতাৰ আচৰণ ত অতিষ্ঠ হৈ অৱশেষত মায়ং আৰক্ষীৰ কাষ চাপে এজাক মহিলা।মৰিগাঁও জিলাৰ জাগীৰোড সমস্তিৰ অন্তৰ্গত বহা,বৰঝাৰী, ঠেংভঙা দিপৰাং গৰুবন্ধা আদি  অঞ্চলত দীৰ্ঘদিন ধৰি চলি আছে কুৰিটাতকৈ অধিক বালিৰ মহল।দুই এটা মহলে দুৰ্নীতিত  পোত গৈ থকা বন বিভাগৰ পৰা নিদিষ্ট পৰিমাণৰ বালি উঠোৱাৰ অস্থায়ী অনুমতি লৈ বালিৰ ব্যৱসায় কৰি আছিল যদিও সময় সীমা আৰু পৰিমাণ শেষ হোৱাৰ পিছতো দিনে নিশাই বালিৰ ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে ৰাজনৈতিক নেতাৰ আশীৰ্বাদত ।

দীৰ্ঘদিন ধৰি অবৈধ বালিৰ মহল চলি থকাৰ পৰিপ্ৰেক্ষিতত 'অসমীয়া প্ৰতিদিন'ত সবিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পিছতেই কেইদিনমানৰ বাবে ৩৩ টাকৈ মেচিন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল বন বিভাগৰ লোকে।কিছুদিন বন্ধ ৰাখি আকৌ আগৰ দৰেই নিৰ্বিঘ্নে চলাই আছিল মহল সমুহ। উপায়হীন হৈ আজি গাঁৱৰ পৰা  মহিলাৰ দল এটা ওলাই গৈ হাতে হাতুৰী,দা লাখুতি লৈ মহল বোৰ এফালৰ  পৰা ভাঙি দিয়ে।

ছয় টাকৈ মহল নৈ ৰ পাৰত লণ্ড ভণ্ড  কৰি সুনিল বিশ্বাস ৰ মহলটো ভাঙিবলৈ যাঁওতেই  অঘটন সংঘটিত হয়।মহিলাৰ দলটোক আক্ৰমণ কৰে।ৰাইজে অভিযোগ  কৰা মতে বন বিভাগৰ লোক কুম্ভকৰ্ণ নিদ্ৰাত। ধন লৈ বহি থাকে বন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী।সেই কাৰণেই আজি স্বতঃস্ফুতভাৱে ওলাই আহোতেই বালি মাফিয়াৰ দলটোৱে আগচি ধৰি আক্ৰমণ কৰাৰ পিছত মায়ং থানাত গোচৰ ৰুজু কৰে।

আৰক্ষীৰ  দল ঘটনাস্থলীলৈ সন্ধিয়াৰ  পৰত  ৰাওনা হৈছে যদিও  বালি মাফিয়াৰ দাদাগিৰি আৰু গুণ্ডাৰাজ বন্ধ  কৰিবলৈ সক্ষম  হয় নে নহয় সেয়া লক্ষনীয়  হড।কাৰণ ৰাইজৰ অভিযোগ ক কোনো  কেৰেপ  নকৰে বালি মাফিয়াই।

কলঙৰ বুকুত চলি থকা  বালিৰ অবৈধ বালি  খননৰ বাতৰি কৰিবলৈ মাজে সময়ে দুই চাৰি  সংবাদকৰ্মী নৈৰ পাৰত উপস্থিত হৈ কেমেৰা ঘুৰাই যদিও তাকো বাতৰি নকৰে  বুলি ৰাইজৰ মুখে মুখে শুনা পোৱা যায়।কোনো ধৰণৰ বৈধ নথি পত্ৰ নোহোৱাকৈ ইমান বোৰ বালিৰ মহৰ কিদৰে চলাই আহিছে  সেয়াই এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।

আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি এই কাৰবাৰ চলাই আহিছে যে সেয়া একপ্ৰকাৰ পৰিস্কাৰ।স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন ত ব্যাঘাত জন্মায় আহিছে দিনে নিশাই চলি থকা   মেচিনৰ শব্দই। প্ৰতিদিনে শ শ গাড়ী ৰে বালি সৰবৰাহ কৰে বালিৰ মাফিয়াই গুৱাহাটী,মৰিগাঁও, জাগীৰোড আদি ঠাইলৈ। ফলত বহাৰ পৰা কমাৰপুৰ  হৈ পবিতৰা সংযোগী  পথচোৱা বিধ্বস্ত  হৈ পৰিছে।নৈৰ পাৰত গৰাখহনীয়া আৰম্ভ হৈছে।চপৰা চপৰে খহিছে গৰা।।উল্লেখযোগ্য  যে সুনিলৰ দৰে বালিৰ অবৈধ খনন চলাই অহা হৰেকৃষ্ণ, ৰোহিনী, সঞ্জীৱ আৰু নায়া হতক নাকী লগাব কোনে সেয়াও এই সময়ত লাখ টকাৰ প্ৰশ্ন হৈ পৰিছে।।

আৰু পঢ়ক: মিজোৰামত অঘটন! মাটিৰ তলত জীৱন্তে পোত গ'ল প্ৰায় ১২ জন শ্ৰমিক

assam nagaon