জাগীৰোড মৰিগাঁও সংযোগী পথে জ্বলা-কলা খুৱাইছে ৰাইজক, উপায়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ

অৰূপ বৰা আৰু সচিব সুমিত আম্ফীৰ নেতৃত্বত এটি সজাতি দলে মঙলবাৰে মায়ং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মৰিগাঁও জিলাৰ উপায়ুক্তলৈ মৰিগাঁও এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে

author-image
Asomiya Pratidin
New Update
জাগীৰোড মৰিগাঁও সংযোগী পথে জ্বলা-কলা খুৱাইছে ৰাইজক, উপায়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ

ডিজিটেল সংবাদ, মায়ংঃ বীৰ লাচিত সেনা জাগীৰোড আঞ্চলিক সমিতি সভাপতি অৰূপ বৰা আৰু সচিব সুমিত আম্ফীৰ নেতৃত্বত এটি সজাতি দলে মঙলবাৰে  মায়ং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মৰিগাঁও জিলাৰ  উপায়ুক্তলৈ মৰিগাঁও এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। জাগীৰোড সংযোগী পথ শীঘ্ৰেই  মেৰামতি আৰু গধুৰ যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক কঠোৰ হোৱাৰ আহ্বান জনাই সংগঠনৰ ফালৰ পৰা এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে জাগীৰোড ৰে'লৱে ক্ৰছিঙত উৰণীয়া সেতু নিৰ্মাণকাৰ্য চলি থকা বাবে নখোলা বস্তি মাজেৰে বৰ্তমান দিনে নিশাই শ শ গধুৰ যান বাহন চলাচল কৰি থকাৰ ফলত যথেষ্ট যান-জটৰ সৃষ্টি হয়।পথচোৱাত সাধাৰণ ৰাইজৰ লগতে স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰীৰ যিকোনো মূহুৰ্তত দুৰ্ঘটনা ঘটিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে বীৰ লাচিত সেনাই।

তাৰোপৰি বাঘজাপস্থিত দালমিয়া চিমেণ্ট কঢ়িওৱা ডাঙৰ বাহন, ডাম্পাৰ আৰু বিভিন্ন গধুৰ যান বাহন চলাচল কৰি থকাৰ ফলত কংক্ৰিটৰ ইটাৰে নিৰ্মিত পথটো জৰাজীৰ্ণ হৈ পৰিছে। সেয়েহে  বৃহত্তৰ ৰাইজৰ সুৰক্ষাৰ হেতুকে পুৱা ৭ বজাৰ পৰা গধূলি ৭ বজালৈ গধুৰ যান বাহন সমূহ উক্ত পথত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ দাবী জনাইছে সংগঠনৰ নেতৃত্বই।

জিলা প্ৰশাসনে সাধাৰণ ৰাইজৰ সুৰক্ষা ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰিছে।আজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱা সজাতি দলটিক সহযোগ কৰে মৰিগাঁও জিলা সচিব দ্বীপমনী হীৰা, জাগীৰোড আঞ্চলিকৰ উপ সভাপতি নিৰঞ্জন বৰুৱা।

Also Read: বালিজানত অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় বীজ প্ৰকল্পৰ অধীনত প্ৰশিক্ষণ আৰু বীজ বিতৰণ