বালিজানত অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় বীজ প্ৰকল্পৰ অধীনত প্ৰশিক্ষণ আৰু বীজ বিতৰণ

বালিজানত অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় বীজ প্ৰকল্পৰ অধীনত প্ৰশিক্ষণ আৰু বীজ বিতৰণ

author-image
Asomiya Pratidin
New Update
বালিজানত অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় বীজ প্ৰকল্পৰ অধীনত প্ৰশিক্ষণ আৰু বীজ বিতৰণ

ডিজিটেল সংবাদ,বেকাজানঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় বীজ প্ৰকল্পৰ অধীনত মঙলবাৰে বৰহোলাৰ বালিজান মিছিং গাঁৱৰ মুৰং ঘৰৰ প্ৰেক্ষাগৃহত এখন প্ৰশিক্ষণ আৰু বীজ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানটিত অঞ্চলটোৰ ৫০ গৰাকী জনজাতীয় মহিলা কৃষকক বিভিন্ন প্ৰশিক্ষণ দিয়া হয়।

Advertisment

শালি ধানৰ বীজ উৎপাদন,বৈজ্ঞানিক খেতিৰ দিহা, ৰোগ আৰু কীট পতংগ নিয়ন্ত্ৰণকে আদি কৰি বিভিন্ন দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বীজ প্ৰকল্পৰ বিজ্ঞানী ড° প্ৰকাশ বৰা আৰু ড° ভাৰত চন্দ্ৰ নাথে ৷ অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি জনজাতীয় উপ-পৰিকল্পনাৰ অধীনত প্ৰায় ৩০০ কি.গ্ৰা. উন্নত প্ৰজাতিৰ ৰণজিত চাব ১ ধানৰ বীজ মহিলাসকলৰ মাজত বিতৰণ কৰা হয় ।

বীজ বিতৰণ আৰু প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰকল্পৰ বিজ্ঞানী ড° শৰ্মিলা দত্ত ডেকা, ড° অভিলিচা মুদৈ আৰু ক্ষেত্ৰ সহায়ক বাসৱ ৰাজ দত্তৰ সহযোগিতাত অনুষ্ঠিত হয় । আনহাতে তিতাবৰ কৃষক উৎপাদক কোম্পানীৰ শিখামণি বুৰাগোহাঁই আৰু অনুপমা শইকীয়াই অনুষ্ঠানটোৰ আঁত ধৰাৰ লগতে আদৰণি জনায়।

Also Read: প্ৰশাসনৰ চকুত ধূলি : লেপেটকটাত চালানি মাছৰ ৰমৰমীয়া বেহা

National Seed Project seed