মায়ং-পবিতৰাত সমূহীয়াকৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত মুঠ ২৮ টা অনুষ্ঠানৰ একত্ৰিত প্ৰচেষ্টাত বিশ্ব পৰিৱেশ দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
মায়ং-পবিতৰাত সমূহীয়াকৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন

ডিজিটেল সংবাদ,মায়ংঃ বুধবাৰে মৰিগাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত আৰু পবিতৰা অভয়াৰণ্য, ডব্লিউ ডব্লিউ এফৰ লগতে মুঠ ২৮ টা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সমূহীয়া সহযোগত এই কাৰ্যসূচী হাতত লয়।

পৰিবেশ সুৰক্ষাৰ হ'কে জিলাখনত সজাগতাৰ এক বিশেষ শোভাযাত্ৰা উলিওৱা হয়। উদ্বোধন কৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ কলিতা আৰু পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া নয়ন জ্যোতি দাসে। মহাবিদ্যালয়খনৰ লগতে অঞ্চলটোৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে পৰিৱেশ সুৰক্ষাৰ প্লে' কাৰ্ড লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

পৰিবেশ শোভাযাত্ৰাৰ পাছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ভাগে ভাগে বনগীত প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, থিতাতে লিখা ৰচনা প্ৰতিযোগিতা, মুকলি কুইজ প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জনাই সমন্বয়ক তথা মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথে। বক্তৃতা প্ৰতিযোগিতাৰ বিষয় বস্তু হ'ব আমাৰ পবিতৰা, আমাৰ ভৱিষ্যৎ।

Also Read: বিশ্ব পৰিৱেশ দিৱস : বিহপুৰীয়াত গুৰুকুল একাডেমীৰ অনন্য প্ৰয়াস

mayong world environment day pobitora