বিশ্ব পৰিৱেশ দিৱস : বিহপুৰীয়াত গুৰুকুল একাডেমীৰ অনন্য প্ৰয়াস

বিশ্ব পৰিৱেশ দিৱস : বিহপুৰীয়াত গুৰুকুল একাডেমীৰ অনন্য প্ৰয়াস

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বুধবাৰে বিহপুৰীয়াৰ দঙিবিলৰ গুৰুকুল প্লাৱিক একাডেমীয়ে বিহপুৰীয়া নগৰত এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে ৷ সাম্প্ৰতিক সময়ত প্লাষ্টিকৰ অত্যধিক ব্যৱহাৰে চৌপাশৰ পৰিৱেশ বিনষ্ট কৰিছে ।

সেয়েহে এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে গুৰুকুল পাব্লিক একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে বিহপুৰীয়া নগৰৰ মাজমজিয়াত এখন বাটৰ নাট প্ৰদৰ্শন কৰে। বাটৰ নাটখনৰ জৰিয়তে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা হ’ব সমস্যাৰ ওপৰত সাধাৰণ ৰাইজে বুজিব পৰাকৈ নাটকীয় উপস্থাপন কৰে।

বাটৰ নাটখনি উদ্বোধন কৰে বিহপুৰীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া বিক্ৰম শৰ্মাই । অনুষ্ঠানত বিদ্যালয়ৰ সঞ্চালক ৰাজনেশ বৰবৰা আৰু সহকাৰী শিক্ষক পৱন চৌধুৰী উপস্থিত থাকি শিক্ষানুষ্ঠান খনৰ এই প্ৰচেষ্টাই পৰিৱেশ সম্পৰ্কত ৰাইজক সজাগ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

বিশ্ব পৰিৱেশ দিৱস : বিহপুৰীয়াত গুৰুকুল একাডেমীৰ অনন্য প্ৰয়াস
বিধায়ক মৃণাল শইকীয়া হয়তো বিজেপিত বেছি দিন নাথাকিবঃ মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in