/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/28822d64-db20-4ee3-a2fa-fe843dd66f00/rtyhrd.jpg)
mayong
ডিজিটেল ডেস্ক, মায়ং : মায়ঙৰ হিলৈখুন্দাত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ৪০০ গছি বন্তি প্ৰজ্বলন, ৪০০ বেলুন উৰুৱাই দিয়াৰ লগতে মৰিগাঁও আৰক্ষীৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰা হয়। হিলৈখুন্দা পাহাৰৰ দাঁতিত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত উদযাপন কৰা লাচিত দিৱসৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়াৰ ভাগত একুৰা প্ৰকাণ্ড কাঠৰ জুই জ্বলোৱা হয়।
বিয়লিৰ ভাগত ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত ৪০০ টা বেলুন উৰুৱাই দিয়া হয়। শুভ উদ্বোধন কৰে জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত ক্ষিতীশ চন্দ্ৰ পেগুৱে। উপস্থিত থাকে জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস আৰু আন বিষয়া সকল। তাৰ পিছতেই অনুষ্ঠিত মুকলি সভাত লাচিতৰ বীৰ গাথা শীৰ্ষক এক বক্তব্য ৰাখে লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকাই। উক্ত সভাতেই মায়ঙৰ পাঁচগৰাকী বেজ আৰু ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহক সম্বৰ্ধনা জনাই জিলা প্ৰশাসনৰ ফালৰ পৰা।
সন্ধিয়াৰ ভাগত আন্তঃৰাষ্ট্ৰীয় বাঁহী বাদক দীপক শৰ্মাৰ বাঁহী বাদন, বৰগীত, বিহু, দিহানাম, সৃষ্টিশীল নৃত্য, প্ৰদৰ্শন কৰা হয়। সভাৰ আৰম্ভণিতে মায়ঙৰ স্থানীয় শিল্পী সকলে এটি সমবেত সংগীত পৰিবেশন কৰে। সন্ধিয়াৰ ভাগত সাঁচিপাত মৰিগাঁৱৰ শিশুশিল্পী সকলৰ দ্বাৰা মহাবীৰ লাচিত নামৰ এখনি নাট প্ৰদৰ্শন কৰা হয়। এইদৰেই উখল মাখল পৰিৱেশত লাচিত দিৱসৰ সামৰণি পৰে।
আৰু পঢ়ক : ধন আত্মসাৎ কৰাৰ অভিযোগত ধেমাজিত বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ...