ধন আত্মসাৎ কৰাৰ অভিযোগত ধেমাজিত বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ...

সততে গ্ৰাহক সকলক কৰা দু-ব্যৱহাৰৰ অভিযোগত উত্তাল প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ধন আত্মসাৎ কৰাৰ অভিযোগত ধেমাজিত বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ...

dhemaji

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰত অৱস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ মৰিঢল শাখাৰ পৰিচালকে এটা আত্মসহায়ক গোটৰ ধন আত্মসাৎ কৰাৰ লগতে অসম গ্ৰামীণ বিকাশ বেংকৰ ধেমাজি জিলাৰ কেইবাটাও শাখাৰ কৰ্মচাৰী সকলে সততে গ্ৰাহক সকলক কৰা দু-ব্যৱহাৰৰ অভিযোগত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে শুকুৰবাৰে বিয়লি এক প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে।

Advertisment

ধেমাজি তিনিআলিস্থিত বেংকটোৰ কাৰ্য্যালয়ৰ সন্মুখত বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বেংকটোৰ শাখা পৰিচালকৰ প্ৰতিমুৰ্ত্তি দাহ কৰে প্ৰতিবাদকাৰীয়ে ৷ উল্লেখ্য যে অসম গ্ৰামীণ বিকাশ বেংকৰ মৰিঢল শাখাত গৃহলক্ষ্মী আত্মসহায়ক গোট নামৰ গোটটোৱে ২ লাখ টকা ঋণ লৈ সময়মতে সুত পৰিশোধ কৰি অহা পিছতো বেংকটোৰ কৰ্তৃপক্ষই আত্মসহায়ক গোটটোৱে জমা দিয়া কেইবাটাও কৃষ্টি ধন জমা নকৰি ধনখিনি আত্মসাৎ কৰাৰ অভিযোগ কৰিছিল আত্মসায়ক গোটটোৱে ৷

এই দৰে গাঁৱৰ সাধাৰণ দুখীয়া শ্ৰেণী গ্ৰাহকে জমা কৰা কৃষ্টিৰ ধন বেংকৰ শাখা পৰিচালকে আত্মাসাৎ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে বিয়লি ১ বজাত ধেমাজি তিনিআলিস্থিত বেংকৰ সন্মুখত অসম জাতীয়বাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসম গ্ৰামীণ বিকাশ বেংকৰ উৰ্ধতম কৰ্তৃপক্ষলৈ অভিযোগ প্ৰেৰণ কৰে ৷

প্ৰতিবাদকাৰী সকলে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ প্ৰতিবাদী সভাত অসম গ্ৰামীন বিকাশ বেংকৰ মৰিঢল শাখাৰ অনিয়মৰ বিৰুদ্ধে জিলা প্ৰশাসনে তৎকালীন তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া আৰু সাধাৰণ সম্পাদক ত্ৰৈলোক্য তামুলীয়ে ৷

আৰু পঢ়ক : নগাঁৱত পৌৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট...

assam dhemaji protest