মায়ঙৰ শংকৰদেৱ শিশু নিকেতনত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

মায়ঙৰ শংকৰদেৱ শিশু নিকেতনত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ শংকৰদেৱ শিশু নিকেতনত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মঙলবাৰে সম্বৰ্ধনা জনোৱাৰ উপলক্ষে বিদ্যালয়ৰ সভা গৃহত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা।

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মুকুত বিষয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আদৰণি অনুষ্ঠানটোৰ আঁতধৰে বিদ্যালয়ৰ শিক্ষক প্ৰসন্ন কুমাৰ ডেকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ আন এগৰাকী আচাৰ্য নিৰঞ্জন বৰুৱাই। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল কুমাৰদাস, সাংবাদিক নজৰুল ইছলাম,মায়ঃ আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ উৎপল নাথকে ধৰি বহু কেইজনে মূল্যবান ভাষণ আগবঢ়াই।

সভাত বিদ্যালয়খনৰ পৰা ডিষ্টিংচন পোৱা ৰাহত আনম ছিদ্দিকসহ মুঠ ২১গৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোছা, গ্ৰন্থ আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়। বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰাই ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে।

মায়ঙৰ শংকৰদেৱ শিশু নিকেতনত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...
বিদেশত ৰঙালী বিহু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in