'নাক' ৰ এ+ গ্ৰেড লাভ কৰাৰ পাছতেই মায়ং আঞ্চলিক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সাধাৰণ সভা

'নাক' ৰ এ+ গ্ৰেড লাভ কৰাৰ খবৰ বিয়পি পিছৰে পৰাই মায়ং আঞ্চলিক মহাবিদ্যালয়ত এক আনন্দ মুখৰ পৰিৱেশ বিৰাজ কৰি আছে।
 'নাক' ৰ  এ+ গ্ৰেড লাভ কৰাৰ পাছতেই  মায়ং আঞ্চলিক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সাধাৰণ সভা

ডিজিটেল সংবাদ,মায়ং : 'নাক' ৰ  এ+ গ্ৰেড  লাভ কৰাৰ খবৰ বিয়পি পিছৰে পৰাই মায়ং আঞ্চলিক মহাবিদ্যালয়ত এক আনন্দ মুখৰ পৰিৱেশ বিৰাজ কৰি আছে।তাৰেই অংশ হিচাপে মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র সন্মিলনৰ উদ্যোগত  প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহপতাৰ যো জা আৰম্ভ  হৈছে।

দেওবাৰে এই সন্দৰ্ভত  মহাবিদ্যালয় প্ৰাঙ্গনত এখন সভা সাধাৰণ সভা অনুষ্ঠিত  হয়।প্রাক্তন ছাত্র সন্মিলনৰ স্থায়ী সভাপতি বীৰেশ্বৰ কেলেঙৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভা খনৰ উদ্দেশ্য  ব্যাখ্যা কৰে সম্পাদক  ভৰত বিষয়াই ।

সমাৰোহ খন অনুষ্ঠিত কৰিবৰ বাবে সাধাৰণ সভাই আগন্তুক নতুন বৰ্ষৰ ২৮ জানুৱাৰীৰ  দিনটো ঠিৰাং কৰে। সমাৰোহ উদযাপনৰ বাবে  এখন উদযাপন সমিতিও  গঠন কৰি দিয়ে আজিৰ সভাই।

প্ৰাক্তন ছাত্ৰ জয়ন্ত শইকীয়াক (সভাপতি), লক্ষ্মণ শইকীয়া, ৰফিকুল ইছলামক (উপ-সভাপতি)মনিৰত্ন ডেকা, দ্বীপ কুমাৰ শইকীয়াক (সম্পাদক)হিচাপে লৈ কেইবাখনো উপ-সমিতিও  গঠন কৰি দিয়ে। মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ  সহযোগিতা কামনা কৰিছে আজিৰ  সভাই।

আৰু পঢ়ক: ছয়গাঁৱৰ পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ণিল শোভাযাত্ৰাই মুহিলে অঞ্চলবাসীক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in