ছয়গাঁৱৰ পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ণিল শোভাযাত্ৰাই মুহিলে অঞ্চলবাসীক

কামৰূপ জিলাৰ ছয়গাঁৱৰ ঐতিহ্যমণ্ডিত পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুদিনীয়াকৈ অনুষ্ঠিত কৰা সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ দেওবাৰে দ্বিতীয় দিন।
ছয়গাঁৱৰ পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ণিল শোভাযাত্ৰাই মুহিলে অঞ্চলবাসীক

ডিজিটেল সংবাদ,ছমৰীয়াা::-কামৰূপ জিলাৰ ছয়গাঁৱৰ ঐতিহ্যমণ্ডিত পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুদিনীয়াকৈ অনুষ্ঠিত কৰা সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ দেওবাৰে দ্বিতীয় দিন।

প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীৰ সফল সমাপ্তিৰ পিছত আজি দ্বিতীয় দিনাও বৰ্ণিল কাৰ্য ক্ৰমণিকাৰে আয়োজন কৰা হয় সোণালী জয়ন্তীৰ কাৰ্য্যসূচী।ইয়াৰ অংশস্বৰূপে আজি পুৱাৰ ভাগতে সমগ্ৰ ছয়গাঁও অঞ্চলজুৰি উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । য'ত বিভিন্ন ভাষা-ভাষী সাংস্কৃতিক দলৰ লগতে ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন সতীৰ্থ সকলে অংশগ্ৰহন কৰি সাংস্কৃতিক শোভাযাত্ৰাটো সুন্দৰ আৰু সফল কৰি তোলাত অৰিহনা যোগায়।

ইয়াৰ পিছতে দুপৰীয়া মুকলি সভা এখন অনুষ্ঠিত হয়।এই মুকলি সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক শংকৰজ্যোতি বৰুৱা,ৰাভা হাছং স্বায়িত্ব পৰিষদৰ উপাধ্যক্ষ্য ৰমাকান্ত ৰাভা,ছয়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ্য ড° নৱ কুমাৰ কলিতা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° উপেন ৰাভা হাকাচাম,নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা,পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম ঠাকুৰীয়া,সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰ্মল চন্দ্ৰ ৰাভাকে আদি কৰি বহুকেইজন বিশিষ্ট গন্য মান্য ব্যক্তি উপস্থিত থাকে।উল্লেখ্য যে নিশাৰ ভাগত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব অসমৰ চাৰি গৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী নীলাক্ষী নেওঁগ,সদানন্দ গগৈ,গায়ত্ৰী হাজৰিকা,মনোজ বৰুৱা।

আৰু পঢ়ক: কাৰ্গিলৰ প্ৰথম ছহিদ পাৰ্বতীচৰণ দাসৰ বীৰত্বৰ কাহিনীয়ে গৌৰৱান্বিত কৰিব আপোনাক, পৰিয়ালৰ বিশেষ অনুৰোধ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in