মথুৰাপুৰত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সফল সামৰণি...

মথুৰাপুৰ অঞ্চলৰ সংগীত চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সমন্বয় সংগীত বিদ্যালয়, মথুৰাপুৰৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সফল সামৰণি...

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ সংগীত চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সমন্বয় সংগীত বিদ্যালয়, মথুৰাপুৰৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ শনিবাৰে সফল সামৰণি পৰে ৷ যোৱা ৩ জুলাইৰ পৰা সমন্বয় সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

Advertisment

এই নৃত্য কৰ্মশালাত প্ৰশিক্ষক হিচাবে আছিল ধেমাজিৰ উদীয়মান নৃত্যশিল্পী ক্ষীৰোদ বৰা ৷ তেখেতে ২০২৩ বৰ্ষত বাংগালোৰ আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত সোণৰ পদক বিজয়ী তথা মুম্বাইৰ নালন্দা ডান্স ৰিৰ্চাচ চেণ্টাৰৰ পৰা "নালন্দা নৃত্য নিপুণ" সন্মান লাভ কৰিছিল।

উল্লেখ্য শনিবাৰে সামৰণি অনুষ্ঠানৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নিৰোদ বৰঠাকুৰে ৷ অনুষ্ঠানত সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ, সংগীত বিদ্যালয় শিক্ষক প্ৰবীন হাজৰিকা, শিক্ষক আদিত্য বৰঠাকুৰ, বিবেক বৰুৱা, দীপক ৰাজকোঁৱৰ প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কৰ্মশালাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে নৃত্যানুষ্ঠান পৰিবেশনেৰে উপস্থিত সকলোৰে সমাদৰ লাভ কৰে। সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁইয়ে আঁতধৰা অনুষ্ঠানটোত কৰ্মশালাখনিত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণ কৰা হয়।

Also Read: সত্ৰীয়া সংস্কৃতিৰ ধ্বনিৰে মুখৰিত ভাৰত-বাংলাদেশ সীমান্ত...

charaideo