/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8009c146-03fc-4fa4-ab2a-b423fc08a4ac/Satra.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ অনুপম সৃষ্টি খোল বাদন, সত্ৰীয়া নৃত্য আৰু বৰগীতৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে ভাৰত-বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুটি সত্ৰ। এই সন্দৰ্ভত ৰামৰায়কুটি সত্ৰৰ লগত জড়িত হৈ থকা কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মত প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/08622af5-b079-4ed1-9078-72da267f7524/4fa2099a_e088_4afa_8bcb_c439abd92a6e.jpg)
তেওঁ কয় যে, যি সময়ত অসমৰ যুৱক-যুৱতীয়ে সত্ৰীয়া সংস্কৃতিকে ধৰি অসমৰ থলুৱা লোকসংস্কৃতিৰ অধ্যয়ন আৰু অনুশীলন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাৰ বাবে সময়ে সময়ে বিভিন্ন পৰ্যায়ত কেতবোৰ অভিযোগ উত্থাপন হৈ আহিছে; তেনে সময়তে অসমৰ সীমামূৰীয়া ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুটি সত্ৰত অঞ্চলটোৰ খিলঞ্জীয়া যুৱক-যুৱতীৰ লগতে এক বৃহৎ সংখ্যক বাংলা ভাষী যুৱক-যুৱতীয়ে এই প্ৰশিক্ষণ কৰ্মশালাত শিক্ষা গ্ৰহণ কৰি সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ বিশাল আৰু ৰসাল পথাৰখন আৰু অধিক বৰ্ণিল কৰি তুলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b7cefcdf-73f1-426d-89c3-e0a746e6e1e6/8127ace5_da8b_4285_9313_d67c6651c5b6.jpg)
সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত অঞ্চলটোত অৰ্থনৈতিক বৈষম্যই সৃষ্টি কৰা অলেখ বাধা আৰু প্ৰতিবন্ধকতাক নেওচি ৭০ গৰাকী যুৱক-যুৱতীয়ে গুৰু দুজনাৰ অনুপম সৃষ্টিৰাজি সত্ৰীয়া নৃত্য আৰু বৰগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। অসমৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিক আন্তৰ্জাতিক সীমান্ত অঞ্চলত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত এক অনবৈদ্য অৱদান আগবঢ়োৱা নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈছে যুৱক-যুৱতীসকল।
মধুপুৰ সত্ৰ সমিতিৰ সভাপতি তথা ৰামৰায়কুটি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীৰ তত্বাৱধানত যোৱা ৪ জুলাইৰ পৰা আৰম্ভ হোৱা উক্ত কৰ্মশালা ১৪ জুলাইত সমাপ্ত হ'ব। উল্লেখ্য যে, কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে বিশিষ্ট সত্ৰীয়া শিল্পী অজয় বায়ন আৰু নুপূৰজ্যোতি মেধিয়ে।