মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন

মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন

ডিজিটেল সংবাদ,মথুৰাপুৰ : চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলত সামাজিক দ্বায়বদ্ধতাক অগ্ৰাধিকাৰ দি কল্যাণমূলক কাৰ্য সম্পাদনৰ লক্ষ্যৰে ২০১৮ চনত গঠন কৰা হৈছিল চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ,মথুৰাপুৰ নামৰ স্বেচ্ছাসেৱী সংগঠন। বৃহস্পতিবাৰে এই সংগঠনটোৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰা হয়।

সফলতাৰে ৫টা বছৰ সম্পন্ন কৰা মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ আজি পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে গ্ৰুপটোৰ উদ্যোগত মথুৰাপুৰ চাহ বাগিচাৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বৰ্ষপূতিৰ সৈতে সংগতি ৰাখি গ্ৰুপটোৰ কৰ্মকৰ্তাসকলে বিদ্যালয়খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মাজত শিকণ সামগ্ৰী বিতৰণ কৰে ৷

শিক্ষানুষ্ঠানখনৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক শৈক্ষিক ক্ষেত্ৰত সহায় হোৱাকৈ গ্ৰুপটোৰ তৰফৰ পৰা বহী,কলম,স্কেল,কাঠ পেঞ্চিল ইত্যাদি সামগ্ৰী বিতৰণ কৰে ৷ ইয়াৰ পূৰ্বে বিদ্যালয় চৌদহ সাংবদকৰ্মী ইছলাম আহমেদ আৰু প্ৰধান শিক্ষক মহেন্দ্ৰ বুঢ়াগোহাঁইয়ে গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে ৷

গ্ৰুপটোৰ সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই,বাসুদেৱ কুমাৰ,সীমান্ত গগৈ আৰু কেশৱ বৰফুকনে এই কাৰ্যসূচীত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷ উল্লেখ্য যে বৃহত্তৰ মথুৰাপুৰ অঞ্চলটোত সুস্থ সামাজিক, শৈক্ষিক বাতাবৰণ সৃষ্টি তথা নৱপ্ৰজন্মকৰ মাজত সামাজিক সচেতনতা বৃদ্ধি কৰা উদ্দেশ্য এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে বিগত সময়ছোৱাত বিভিন্ন জনকল্যাণমুখী পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন
মঙলদৈত বিশ্ব জলাতংক দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in