মঙলদৈত বিশ্ব জলাতংক দিৱস পালন

মঙলদৈত বিশ্ব জলাতংক দিৱস পালন

ডিজিটেল সংবাদ,মঙলদৈ : আজি বিশ্ব জলাতংক দিৱস । বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি বছৰি ২৮ ছেপ্তেম্বৰৰ দিনটো বিশ্ব জলাতংক দিৱস হিচাপে পালন কৰি আহিছে।

বৃহস্পতিবাৰে মঙলদৈ চৰকাৰী পশু চিকিৎসালয়তো পালন কৰা হয় বিশ্ব জলাতংক দিৱস। এই দিৱস উপলক্ষে চহৰখনৰ একাংশ পোহনীয়া কুকুৰক বিনামূলীয়াকৈ ভেকচিন দিয়া হয়।

মঙলদৈ চহৰৰ প্ৰায় ২৫ গৰাকী লোকে আজি নিজৰ পোহনীয়া কুকুৰক ভেকচিন দিয়ে। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত প্ৰতি বছৰে জলাতংক ৰোগত হাজাৰ হাজাৰ লোকৰ মৃত্যু হয় ।

সেয়েহে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে মঙলদৈ পশু চিকিৎসালয় চৌহদত এখনি সভা অনুষ্ঠিত কৰা হয়। দৰঙৰ আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে এই সভখন মুকলি কৰে।

মঙলদৈত বিশ্ব জলাতংক দিৱস পালন
মধুপুৰ সত্ৰ উন্নয়নকলৈ কৰা অভিযোগ সন্দৰ্ভত সত্ৰ সমিতিৰ প্ৰতিক্ৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in