Advertisment

মথুৰাপুৰ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উল্লেখনীয় পদক্ষেপ

শুকুৰবাৰৰ পৰা নতুন নিয়মেৰে ৰাজ্যজুৰি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উল্লেখনীয় পদক্ষেপ

ডিজিটেল সংবাদ, মথুৰাপুৰঃ শুকুৰবাৰৰ পৰা নতুন নিয়মেৰে ৰাজ্যজুৰি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষা কেন্দ্ৰৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন স্থানত থকা পৰীক্ষা কেন্দ্ৰ সমূহ শিক্ষাৰ্থীকে অভিভাৱকে ভৰি কৰা পৰিলক্ষিত হয় ৷

Advertisment

এই উপলক্ষে আজি চৰাইদেউ জিলাৰ বৃহত্তৰ সামাজিক অনুষ্ঠান ছ'চিয়েল ৱেলফেয়াৰ গ্রুপ, মথুৰাপুৰ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে পৰীক্ষাৰ্থী সকলক শুভেচ্ছা আৰু উৎসাহ জনোৱা উদ্দেশ্যে এক ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰে। স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে এইবাৰ অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অবতীর্ণ হোৱা ছাত্র-ছাত্রীসকলক পৰীক্ষাগৃহত প্রৱেশ কৰাৰ পূৰ্বেই একোটাকৈ কলম প্রদান কৰি শুভেচ্ছা জ্ঞাপন কৰে।

Also Read: নুমলীগড় শোধানাগাৰত শ্ৰমিকৰ প্ৰতিবাদ

mathurapur hslc