৭৫ বছৰীয়া মথুৰাপুৰ উঃমাঃ বিদ্যালয়ত মহাৰজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি…

৭৫ বছৰীয়া মথুৰাপুৰ উঃমাঃ বিদ্যালয়ত মহাৰজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি…

author-image
asomiyapratidin
New Update
৭৫ বছৰীয়া মথুৰাপুৰ উঃমাঃ বিদ্যালয়ত মহাৰজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আহি চলিত বৰ্ষত ৭৫বছৰীয়া গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিছে। এনে এক শুভ মূহুৰ্তত বিদ্যালয়খনিৰ প্ৰাক্তন ছাত্ৰ তথা বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ সমাজ সচেতন লোকে বিদ্যালয়খনিৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি চলাইছে৷

Advertisment

ইতিমধ্যে বিদ্যালয়খনিৰ মহাৰজত জয়ন্তী উদযাপনৰ বাবে আলিম আহমেদক সভাপতি, শিক্ষানুষ্ঠানখনৰ অধ্যক্ষা ড° গীতিমণি হাটিকাতিক কাৰ্যকৰী সভানেত্ৰী আৰু অতুল ৰাজকোঁৱৰক মুখ্য সম্পাদক হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰা হৈছে ৷ অহা ৬ আগষ্টত অৰ্থাৎ শনিবাৰে দিনৰ ১ বজাত শিক্ষানুষ্ঠানখনত মহাৰজত জয়ন্তী প্ৰস্তুতিকে ধৰি উপ সমিতি গঠন কৰা উদ্দেশ্যে এখন সভা আহ্বান কৰিছে৷

উক্ত সভাত শিক্ষানুষ্ঠান খনিৰ প্ৰাক্তন ছাত্র ছাত্ৰী,  অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সকলৰ লগতে শুভাকাংক্ষী সকলৰ উপস্থিতি থাকিবলৈ  উদযাপন সমিতিৰ সম্পাদনক অতুল ৰাজকোঁৱৰে অনুৰোধ জনাইছে৷

আৰু পঢ়ক : নগাঁৱৰ সাংস্কৃতিক কৰ্মী ভাগ্য বৰাৰ বিয়োগ…

assam ranoj pegu mathurapur himanta biswa sarma