নগাঁৱৰ সাংস্কৃতিক কৰ্মী ভাগ্য বৰাৰ বিয়োগ…

নগাঁৱৰ সাংস্কৃতিক কৰ্মী ভাগ্য বৰাৰ বিয়োগ…

ডিজিটেল সংবাদ ,নগাঁও: নিষ্ঠাবান সাংস্কৃতিক কৰ্মী,  সংগঠক ভাগ্য বৰাই (খনিন্দ্ৰ) শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে৷ ৫২ বছৰ বয়সত মৃত্যুক সাৱতি লোৱা ভাগ্য বৰাৰ মৃত্যুত নগাঁৱৰ সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পৰিছে ৷ নগাঁৱৰ পাথৰিৰ ভাগ্য বৰা শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ চিকিৎসাধীন অৱস্হাতে পুৱা ৮.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

নগাঁৱৰ প্ৰতিষ্ঠিত সাংস্কৃতিক অনুষ্ঠান তথা সংগীত বিদ্যালয় " সুৰ-সাধনা"ৰ জৰিয়তে নগাঁৱত নৱ প্ৰজন্মৰ মাজত এক জাগৰণ আনিবলৈ সক্ষম হৈছিল বৰা ৷ পত্নী তথা কন্ঠ শিল্পী সুৱাগমণি মহন্ত আৰু ভাগ্য বৰাই সুৰ সাধনাৰ জৰিয়তে নগাঁৱত উঠি অহা প্ৰজন্মৰ মাজত শিল্পীসত্ত্বা জাগ্ৰত কৰি তোলাৰ বাবে বিশেষ ভাবে কাম কৰিছিল ৷

নিউ আমোলাপট্টীত অস্হায়ীভাবে বসবাস কৰি অহা ভাগ্য বৰাৰ মৃতদেহ গুৱাহাটীৰ পৰা নগাঁৱলৈ অনা হয় ৷ মৃতদেহটি নগাঁৱলৈ অহাৰ পিছত বৰাৰ অগনন অনুৰাগীয়ে শেষবাৰৰ বাবে শ্ৰদ্ধা জনায় বৰাক ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in