/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a30b44c3-f3f9-4e12-b09e-31e678e3be8a/Hasi_gos.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰত চোৰে নিশা ঘৰৰ চৌহদৰ পৰা এজোপা মূল্যবান সাঁচি গছ সন্তৰ্পনে কাটি চুৰি কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত প্ৰাপ্ত তথ্য মতে, মথুৰাপুৰ ১০১ নং গ্ৰাণ্ট মানুহমাৰী নামৰ অঞ্চলটোৰ বাসিন্দা বীৰেণ বুঢ়াগোহাঁই নামৰ লোকজনৰ ঘৰৰ বাৰীৰ পৰা চোৰে যোৱা নিশা সাঁচি গছডাল সংগোপনে কাটি নিয়ে। শনিবাৰে পুৱা এই ঘটনা পোহৰলৈ অহাত গৃহস্থ অনিতা বুঢ়াগোহাঁয়ে এই সন্দৰ্ভত স্থানীয় মথুৰাপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9def09f9-b15b-4a4f-a651-d29d5e3eb5c8/cf65b2b2_7d33_49c4_85e7_365e0de2aa54.jpg)
আনহাতে, যোৱা নিশা মথুৰাপুৰ আৰক্ষী থানাৰ টহলদাৰি দল এটাই এ এছ ০৪ বি চি ৫২৬৮ নম্বৰৰ এখন সামগ্ৰী কঢ়িওৱা বাহনত সাঁচি গছৰ কেইবাটাও টুকুৰা কঢ়িয়াই অনা প্ৰত্যক্ষ কৰি গাড়ীখন ৰখাই চালক আৰু আন দুজন লোকক গছৰ টুকুৰা কেইটা সন্দৰ্ভত সোধপোচ কৰাত লোক কেইজনৰ কথাৰ অমিল পোৱাত বাহনসহ আটাইকে আটক কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/092c36c8-0a5f-41d3-8f93-d46ac0811a7b/5e0d393f_df73_4620_af44_e8ecb36c0ed6.jpg)
আৰক্ষী সূত্ৰে প্ৰাপ্ত তথ্য মতে, বৰ্তমান পলাতক হৈ থকা ৰিতুপৰ্ণ গগৈ নামৰ লোকজনৰ পৰিকল্পনা মতে যোৱা নিশা উক্ত লোকজনৰ ঘৰৰ পৰা সাঁচি গছডাল চুৰি কৰা হৈছিল বুলি ধৃত লোককেইজনে স্বীকাৰ কৰিছে। সম্প্ৰতি আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি বাহনখনৰ চালক বাহাৰুদ্দিন আহমেদ (২২) আৰু আন দুই যুৱক ক্ৰমে ঘনকান্ত সোণোৱাল (২০) আৰু নৱজ্যোতি সোণোৱাল (১৮)ক সোধপোচ অব্যাহত ৰাখিছে।
Also Read: মহানগৰীত জ্যোতি বিষ্ণু সাংস্কৃতিক মঞ্চৰ উদ্যোগত ৰূপকোঁৱৰৰ ওপজা দিন পালন...