/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/79655626-85ec-4200-ba8b-c8df682e16b1/Press_c.jpg)
ডিজিটেল ডেস্ক : মহানগৰীত জ্যোতি বিষ্ণু সাংস্কৃতিক মঞ্চৰ উদ্যেগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজা দিন উদযাপন। শনিবাৰে দিনৰ ১ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হয় এই বিশেষ দিনটো। ৰীতামণি ভট্টাচাৰ্য্য চক্ৰৱৰ্ত্তী আৰু জুৰি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভৰাম্ভ কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য হাজৰিকা আৰু মঞ্চৰ সভানেত্ৰী ড০ অনিমা চৌধুৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4b5ac70d-64b8-460f-9f59-5dacddf8c793/7da782f1_be93_454e_bd1f_6613a3f2dda4.jpg)
অনুষ্ঠানৰ আৰম্ভণিতে সামূহিক ভাৱে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি যাচে অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী, মঞ্চৰ সাধাৰণ সম্পাদিকা ড০ সঙ্গীতা কাকতি, বিশিষ্ট সঙ্গীত পৰিচালক ৰমেন চৌধুৰী, আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, মঞ্চৰ কাৰ্যকৰী সভাপতি ৰঞ্জন কুমাৰ ভট্টাচাৰ্য্য, বিশিষ্ট সঙ্গীত শিল্পী সূৰ্য্য গোস্বামী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক অৱনী ৰঞ্জন পাঠক, অসম জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ দত্ত চৌধুৰী, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গৌতম শৰ্মা, সমাজকৰ্মী ও বোলছবি প্ৰযোজক শান্তনু মহন্ত, সঙ্গীত শিল্পী বোলছবি প্ৰযোজক উমেশ নাথ, সঙ্গীত শিল্পী মৌচম বৰা, অনুপ শৰ্মা, কণ্ঠশিল্পী নিত্যনন্দ ডেকা, সীমান্ত কাকতি, আলেখ্য চক্ৰৱৰ্ত্তী, কণ্ঠশিল্পী শ্ৰুতিধাৰা বৰা, ৰঞ্জনজ্যোতি শৰ্মা, প্ৰস্তুতি হাজৰিকা, নিৰ্মালি দাস আদিৰ লগতে উপস্থিত সকলোৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3421ed47-d9a1-4c39-a60e-3389efbe0a56/48389390_e13c_4344_80ff_762464c5432f.jpg)
অনুষ্ঠানত অসমীয়া বোলছবিৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজা দিন উপলক্ষে "মেড ইন নলবাৰীৰ" শীৰ্ষক কথাছবিখনে লাভ কৰা সফলতাৰ বাবে ছবিখনৰ শিল্পী, কলা-কুশলীৰ প্ৰতিনিধি ৰূপে ছবিখনৰ প্ৰযোজক উমেশ নাথক সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f0773cec-c31f-4dde-93e6-31867f9029d0/7da782f1_be93_454e_bd1f_6613a3f2dda4.jpg)
উক্ত অনুষ্ঠানতেই "জানো জানো জানো বিফলে নাযায় মোৰ গানো, অ' সখী আজি যৌৱন বন জুৰি, আৰু জাগা জাগা নক্ষত্ৰৰ প্ৰভাতে প্ৰভাতে" শীৰ্ষক তিনিটা জ্যোতি সঙ্গীত আৰু "পৰজনমৰ শুভলগনত আৰু বেজাৰৰ চকুলো হালি-জালি ভাহি" শীৰ্ষক দুটি বিষ্ণু ৰাভা সঙ্গীতৰ দৃশ্যশ্ৰব্যৰ মুক্তি প্ৰদান কৰা হয়। গীতকেইটিত কণ্ঠদান কৰিছে নিত্যন্দ ডেকা, প্ৰস্তুতি হাজৰিকা, সীমান্ত কাকতি, শ্ৰুতিধাৰা বৰা আৰু ৰঞ্জনজ্যোতি শৰ্মাই। উল্লেখ্য গীতকেইটি সঙ্গীতেৰে সজাইছে মৃণালকান্তি মেধি, অনুপ শৰ্মা আৰু মৌচম বৰাই। আনহাতে বাণীবদ্ধন কৰিছে মৌচম বৰা, বিজয় নাথ আৰু নিন্তু পাঠকে দৃশ্যশ্ৰব্যৰ দৃশ্যগ্ৰহন কৰাৰ বিপৰীতে সম্পাদনা কৰিছে অঞ্জন ডেকাই। আকৌ পৰিকল্পনা প্ৰযোজনা আৰু সামগ্ৰিক পৰিচালনা ৰঞ্জন কুমাৰ ভট্টাচাৰ্য্যৰ।
Also Read: গোলাঘাটৰ বালিজানত কেন্দ্ৰীয় ভাবে ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি...